Saturday, 19 June 2021

19 Jun, 2021Importantমাজুলী জিলাৰ সকলো ব্যক্তিৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ক'ভিড সম্পৰ্কীয় পৰামৰ্শ লবলৈ অঠবা গোচৰ ৰুজু কৰিবলৈ মাজুলী জিলা প্ৰশাসনে ব্যৱস্থা কৰা নিম্নলিখিত নিয়ন্ত্ৰণ কক্ষ ও টোল ফ্ৰি দূৰভাষ নম্বৰ সক্ৰিয় হৈ আছে ।১/ ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষ "সাৰথি" - ১০৪ (টোল ফ্ৰি) ২/ নিয়ন্ত্ৰণ কক্ষ (স্বাস্থ্য) - ৮০৯৯৩৫২৩১০৩/ জিলা আপাতকালীন কেন্দ্ৰ নম্বৰ -১০৭৭ (টোল ফ্ৰি), দূৰভাষ- ৭৬৩৫৯৬১৫২২৪/ শ্ৰী বিভাস পাঠক, এ. চি. এছ. , সহকাৰী আয়ুক্ত, অভিযোগ নিষ্পত্তি সম্পর্কীয় বিষয়া, দূৰভাষ নম্বৰ: ৯৭০৭২৫৩২৬৯

19 Jun, 2021

Important

মাজুলী জিলাৰ সকলো ব্যক্তিৰ জ্ঞাতাৰ্থে  জনোৱা হয় যে ক'ভিড সম্পৰ্কীয় পৰামৰ্শ লবলৈ 
অঠবা গোচৰ ৰুজু কৰিবলৈ মাজুলী জিলা প্ৰশাসনে ব্যৱস্থা কৰা নিম্নলিখিত নিয়ন্ত্ৰণ কক্ষ ও টোল ফ্ৰি দূৰভাষ নম্বৰ সক্ৰিয় হৈ আছে ।

১/ ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষ "সাৰথি" - ১০৪ (টোল  ফ্ৰি) 

২/ নিয়ন্ত্ৰণ  কক্ষ (স্বাস্থ্য) - ৮০৯৯৩৫২৩১০

৩/ জিলা আপাতকালীন কেন্দ্ৰ নম্বৰ -১০৭৭ (টোল  ফ্ৰি), দূৰভাষ- ৭৬৩৫৯৬১৫২২

৪/ শ্ৰী বিভাস পাঠক, এ. চি. এছ. , সহকাৰী আয়ুক্ত, অভিযোগ নিষ্পত্তি সম্পর্কীয় বিষয়া, দূৰভাষ নম্বৰ: ৯৭০৭২৫৩২৬৯

19 Jun, 2021Prohibitory Order U/S 144 Cr.PC

19 Jun, 2021

Prohibitory Order U/S 144 Cr.PC

19 Jun, 2021No weekly market/ haat is permissible yet

19 Jun, 2021

No weekly market/ haat is permissible yet

19 Jun, 2021Golaghat Covid🦠 update

19 Jun, 2021
Golaghat Covid🦠 update


19 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 20/06/2021

19 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 20/06/2021

গোলাঘাট জিলাত ২১ জুনৰ পৰা দৈনিক ১২হাজাৰ লোকক প্ৰতিষেধক প্ৰদান* *১৮ বছৰ বয়সৰ উৰ্ধৰ যিকোনো বয়সৰ লোকে ঠাইতে পঞ্জীয়ন কৰি ল'ব পাৰিব প্ৰতিষেধক*

19 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০২/২০২১

 *গোলাঘাট জিলাত ২১ জুনৰ পৰা দৈনিক ১২হাজাৰ লোকক প্ৰতিষেধক প্ৰদান* 

 *১৮ বছৰ বয়সৰ উৰ্ধৰ যিকোনো বয়সৰ লোকে ঠাইতে পঞ্জীয়ন কৰি ল'ব পাৰিব প্ৰতিষেধক* 

 *স্থাপন কৰা হব ৫০ তাৰো অধিক কেন্দ্ৰ* 

গোলাঘাট, ১৯ জুন : গোলাঘাট জিলাত অহা ২১ জুনৰ পৰা দৈনিক ১২ হাজাৰ লোকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছে । জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন বৈঠকত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে অহা সোমবাৰৰ পৰা জিলাখনৰ ৫০ তাৰো অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্ধৰ যিকোনো বয়সৰ লোকে ঠাইতে পঞ্জীয়ন কৰি প্ৰতিষেধক ল'ব পাৰিব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি প্ৰতিষেধক প্ৰদানৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে ৰাজ্য চৰকাৰে গোলাঘাট জিলাৰ বাবে দৈনিক ১০ হাজাৰ লোকক প্ৰতিষেধক  প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে যদিও জিলা প্ৰশাসনে ১২ হাজাৰ লোকক দৈনিক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে পৰিকল্পনা কৰিছে । তেওঁ সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত চৰ্তহীনভাৱে যিকোনো লোকক যিকোনো পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ প্ৰতিটো কেন্দ্ৰত প্ৰতিষেধক প্ৰদান সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লোককে ধৰি ৭/৮ জন লোকক নিয়োগ কৰাৰ বাবে নিৰ্দেশ দিয়ে । প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিলেহে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে পৰিচয় সম্পৰ্কীয় তথ্যৰ অভাৱত যাতে কোনো লোক প্ৰতিষেধক লাভৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰিব লাগিব । কিন্তু প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া খৰখেদা কৰিবলৈ যাওঁতে যাতে কোনো খেলিমেলি নহয় তাৰ ওপৰতো বিশেষভাৱে চকু দিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াটো এনেভাৱে সম্পন্ন হ'ব লাগিব যাতে এটাও পালি অপচয় নহয় ।  কেন্দ্ৰসমূহত খোৱা পানী আৰু বহাৰ সু-ব্যৱস্থা কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে কয় যে কেন্দ্ৰসমূহত দৈনিক ৮ ঘণ্টা প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু সমগ্ৰ জিলাখনত কমেও ৫ টা বিশেষ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হ'ব য'ত দুটা শ্বিফ্টত প্ৰতিষেধক প্ৰদান কৰা হ'ব । আনহাতে জিলাখনত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দৈনিক কমেও ৩,৫০০ টা পৰীক্ষা কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । তেওঁ লগতে কয় যে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ কৰাৰ বাবে ব্যাপক সজাগতা অভিযান চলাব লাগিব । তেওঁ এই ক্ষেত্ৰত আশা-অংগনবাড়ী কৰ্মীসকলক নিয়োগ কৰাৰ লগতে গাঁও পঞ্চায়ত পৰ্যায়টো বেনাৰ, প'ষ্টাৰ, মাইকিং আদিৰ সহায়ত ব্যাপক প্ৰচাৰ অভিযান চলাবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে এজনো লোক যাতে প্ৰতিষেধকৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাই এতিয়া প্ৰধান লক্ষ্য । আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

Nowcast BulletinDate: 19/06/2021 Time of issue:: 1255 HRS ISTThunderstorms / Lightning and light to moderate spell of rainfall very likely in parts of EAST KARBI ANGLONG , DIMA HASAO, GOLAGHAT, KAMRUP RURAL AND METRO districts during fc hours. Regional Weather Centre, Guwahati

Nowcast Bulletin
Date: 19/06/2021                                                                    
Time of issue:: 1255   HRS IST
Thunderstorms / Lightning   and light to moderate  spell of rainfall  very likely in parts of  EAST KARBI  ANGLONG , DIMA HASAO, GOLAGHAT, KAMRUP RURAL AND METRO  
districts  during fc  hours.              
Regional Weather   Centre, Guwahati

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...