16 Jun, 2021
Wednesday, 16 June 2021
দেৰগাঁও নগৰ দৈনিক বজাৰ ১৮ জুনৰ পৰা এসপ্তাহলৈ বন্ধ ঘোষণা প্ৰশাসনৰনুমলীগড় আৰু বোকাখাত দৈনিক বজাৰো আজিৰেপৰা এসপ্তাহৰ বাবে বন্ধ
16 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৯/২০২১
দেৰগাঁও নগৰ দৈনিক বজাৰ ১৮ জুনৰ পৰা এসপ্তাহলৈ বন্ধ ঘোষণা প্ৰশাসনৰ
নুমলীগড় আৰু বোকাখাত দৈনিক বজাৰো আজিৰেপৰা এসপ্তাহৰ বাবে বন্ধ
গোলাঘাট, ১৬ জুন : গোলাঘাট জিলাৰ দেৰগাঁৱত ক'ভিড 19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদ্বীপ হাজৰিকাই চি আৰ পি চিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি দেৰগাঁও নগৰ দৈনিক বজাৰ (দেৰগাঁও চাৰিআলিৰ পৰা নাৰীকলগুৰিলৈকে) এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে । অহা ১৮ জুনৰ পৰা ২৪ জুনলৈ এই নিৰ্দেশ কাৰ্যকৰী হৈ থাকিব । নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আনহাতে ক'ভিড 19 ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বোকাখাত মহকুমাৰ নুমলীগড় চাৰিআলিত থকা দৈনিক বজাৰ আৰু বোকাখাত দৈনিক বজাৰ প্ৰশাসনে এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে । আজিৰে পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে । প্ৰশাসনে বাৰে বাৰে ক'ভিডৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱাৰ পাছতো একাংশ লোকে ক'ভিডৰ বিধি মানি নচলাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...