Monday, 14 June 2021

১৫ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।

14 Jun, 2021

১৫ জুন ২০২১ তাৰিখে নগাঁও জিলাত COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণৰ সম্পৰ্কত জিলা প্ৰশাসনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰিছে।

 নগাঁও জিলাৰ চহৰ অঞ্চলৰ (Town Area) ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ  আৰু ৪৫ বছৰৰ উৰ্ধৰ বয়সৰ যিসকল ব্যক্তিয়ে ২৮ এপ্ৰিল ২০২১ তাৰিখৰ পৰা ৭ মে' ২০২১ তাৰিখলৈকে COVAXIN ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক নগাঁও চহৰৰ হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় কোভিড টিকাকৰণ কেন্দ্ৰত অহা ১৫ জুন ২০২১ তাৰিখে তেওঁলোকৰ ২য় পালি ভেকচিন প্ৰদান কৰা হব। উক্ত কেন্দ্ৰত  টিকা গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা  প্ৰথম ৫০০ জন ব্যক্তিক দ্বিতীয় পালি টিকা পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হব।

তদুপৰি নগাঁও জিলাৰ বাৰপুজিয়া, কঠীয়াতলী, চামগুৰি, শিঙিমাৰী আৰু বুঢ়াগোহাঁই থান অঞ্চলৰ  ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ যিসকল লোকে ৬ মেʼ ২০২১ তাৰিখলৈকে COVAXIN ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক  তেওঁলোকৰ নিজ নিজ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পি.এইছ.চি) সমূহত ১৫ জুন ২০২১ তাৰিখে ৰাতিপুৱা ১০.০০ বজাৰ পৰা তেওঁলোকৰ দ্বিতীয় পালি টিকা প্ৰদান কৰা হ'ব।

Directorate of Information and Public Relations, Assam

14 Jun, 2021Important ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অম্বুবাচী মেলা বাতিল।Janasanyog Kamrup Metro

14 Jun, 2021

Important 

 ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অম্বুবাচী মেলা বাতিল।


Janasanyog Kamrup Metro

14 Jun, 2021Covid-19 Vaccination Session site list Golaghat District on 15/06/2021

14 Jun, 2021

Covid-19 Vaccination Session site list Golaghat District on 15/06/2021

14 Jun, 2021Golaghat COVID-19🦠😷🦠Update

14 Jun, 2021

Golaghat COVID-19🦠😷🦠Update

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান*

14 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৮/২০২১

 *পাচলিৰ দোকান দি উপাৰ্জনৰ পথ উলিওৱা কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী চয়নিকা সভাপণ্ডিতৰ বাসগৃহত মন্ত্ৰী অজন্তা নেওগ* 

 *মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান* 
গোলাঘাট, ১৪ জুন : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ ১২ নং ৱাৰ্ডৰ বাসিন্দা চয়নিকা সভাপণ্ডিতৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীক সৌহাদ্যমূলকভাৱে সাক্ষাৎ কৰে । আৰ্থিক সংকটৰ বাবে শাক- পাচলিৰ দোকান দিয়া ছাত্ৰীগৰাকীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ৫০,০০০ টকাৰ চেকো প্ৰদান কৰে । চেক প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে  কয় যে এইয়া সামান্য আশীৰ্বাদহে । ছাত্ৰীগৰাকীৰ অভাৱসমূহ সমূলঞ্চে দূৰ নহ'লেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই মৰম আৰু আশীৰ্বাদে কিছু হ'লেও সকাহ দিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ ছাত্ৰীগৰাকীৰ উজ্জল ভৱিষ্যৎ কামনা কৰাৰ লগতে এনে প্ৰয়াসৰ শলাগ লয় ।  মন্ত্ৰীগৰাকীৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল । উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী মেধাৱী হোৱাৰ লগতে এগৰাকী সু-গায়িকাও । এখন অপ্ৰাদেশীকৃত মহাবিদ্যালয়ত চাকৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃক সহায় কৰাৰ উদ্দেশ্যে ছাত্ৰীগৰাকীয়ে ক'ভিড পৰিস্থিতিৰ মাজতে ঘৰৰ সন্মুখতে শাক-পাচলিৰ দোকান আৰম্ভ কৰে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ জিলাখনৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত পৰ্যালোচনা*

14 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৭/২০২১

 *গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ জিলাখনৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত পৰ্যালোচনা* 

 *এসপ্তাহৰ ভিতৰত প্ৰতিটো বিভাগৰ ভৱিষ্যদৰ্শী পৰিকল্পনাৰে উপায়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ জিলা মুৰব্বীসকলক নিৰ্দেশ* 

 *এটাও দাগ নথকাকৈ আঁচনিসমূহ ৰূপায়ন কৰক, ৰাইজৰ সমস্যাক আওকান নকৰিব : মন্ত্ৰী অতুল বৰাৰ বিষয়াসকলৰ প্ৰতি আহ্বান* 

 *অৰ্থনৈতিক সবলীকৰণ আৰু কৰ্মসংস্থাপন অগ্ৰাধিকাৰৰ বিষয় হ'ব : অজন্তা নেওগ* 

গোলাঘাট, ১৪ জুন : স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত জিলাখনৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ সৰ্বাংগীন বিকাশৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে।  তেওঁ এসপ্তাহৰ ভিতৰত প্ৰতিটো বিভাগৰ ভৱিষ্যদৰ্শী পৰিকল্পনাৰে উপায়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ জিলা মুৰব্বীসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে এখন উন্নত গোলাঘাটৰ বাবে ভৱিষ্যতৰ সপোন ৰচনা কৰাৰ বাবে প্ৰতিটো বিভাগে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব । জিলাখনৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে ঐক্যবদ্ধভাৱে কাম কৰিলে গোলাঘাটখনক নতুনকৈ সজাই পৰাই ল'ব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে ভিজন ডকুমেণ্টত অগ্ৰাধিকাৰৰ বিষয়সমূহ চিনাক্ত কৰি অন্তৰ্ভুক্ত কৰা হ'ব যাতে সেই নিৰ্দিষ্ট বিষয়সমূহত বিশেষভাৱে কাম কৰিব পৰা যায় । ভিজন ডকুমেণ্টত বিকাশ অন্যতম অগ্ৰাধিকাৰৰ বিষয় হ'ব বুলি তেওঁ কয় । আসন্ন বাজেট অধিৱেশনত গোলাঘাটৰ সৰ্বাংগীন বিকাশৰ বাবে এটা পৰিকাঠামো যুগুত কৰিব পৰাকৈ সকলোকে দায়বদ্ধভাৱে নিজৰ নিজৰ বিভাগৰ সমস্যাসমূহৰ সমাধানৰ পথ উলিয়াবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । 

অনুষ্ঠানত ভাষণ দি কৃষি মন্ত্ৰী অতুল বৰাই কয় যে আমি প্ৰত্যাহ্বানক প্ৰত্যাশালৈ ৰূপান্তৰ কৰিব লাগিব । গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো নতুনকৈ নিৰ্মান কৰাৰ বাবে ইতিমধ্যে ৪০ কোটি টকা আবন্টন দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সাধনী বিশ্ববিদ্যালয় স্থাপনৰ বাবেও ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ হাতত সময় নিচেই কম আৰু সেয়েহে প্ৰতিটো মুহুৰ্তৰ মূল্য বুজিব লাগিব । গোলাঘাটত যাতে কোনো আঁচনিৰ নামত ধনৰ আত্মসাৎ নহয় সেইয়া সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ কয় । এটাও দাগ নথকাকৈ আঁচনিসমূহ ৰূপায়ন কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে কয় যে আমাৰ সম্পদখিনিৰে আমি উন্নয়নৰ দিশত অগ্ৰসৰ হ'ব লাগিব । বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ প্ৰথম বছৰটোতে ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰিছে । তেওঁ সাঁচি গছৰ খেতিৰে জিলাখনে আৰু অধিক ৰাজহ অৰ্জন কৰিব পাৰে বুলি মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াসকলক ৰাইজৰ সমস্যাসমূহক অৱহেলা নকৰি সঁহাৰি জনাবলৈ আহ্বান জনায় ।

অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে গোলাঘাটৰ এটা ঐতিহাসিক গৰিমা আছে । সেই গৰিমাক সাৰথি কৰি অৰ্থনৈতিক সবলীকৰণ আৰু কৰ্মসংস্থাপনক অগ্ৰাধিকাৰ হিচাপে লৈ অগ্ৰসৰ হ'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে কাম কৰাৰ ইচ্ছা থাকিলে সফলতা নিশ্চিত আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাম কৰাৰ বাবে সদিচ্ছা আছে । উন্নয়ন এটা নিৰন্তৰ প্ৰক্ৰিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ৫ বছৰত আমি নতুনত্ব লৈ সমস্যাসমূহ সমাধান কৰিম । তেওঁ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণৰ বাবে বিষয়া-কৰ্মচাৰীক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । লগতে কাৰ্যালয়ত বিষয়াসকলৰ উপস্থিতিৰ সময় সন্দৰ্ভত এসপ্তাহৰ বাবে সূচী যুগুত কৰি ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কোনো বিষয়াক লগ পাবলৈ আহি সাধাৰণ লোকসকলে হাৰাশাস্তিৰ সন্মুখীন নহয় । 

অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে কয় যে আমি সকলোৱে সন্মিলিত ভাৱে কাম কৰিব লাগিব যাতে গোলাঘাট জিলাক ৰাজ্যৰ ভিতৰতে এটা স্তম্ভ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায় ।

অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ সমষ্টিটোৰ উন্নয়নৰ বাবে বিশেষকৈ সীমান্ত উন্নয়নৰ বাবে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । 

ইয়াৰ পূৰ্বে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ এটা আভাস দাঙি ধৰে । তেওঁ অভিভাৱক মন্ত্ৰীগৰাকীক ভিজন ডকুমেণ্টত মিনি সচিবালয় স্থাপনৰ প্ৰস্তাৱো সন্নিৱিষ্ট কৰাৰ বাবে আহ্বান জনায় ।  উপায়ুক্তগৰাকীয়ে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত জিলাখনৰ ক'ভিড-19 পৰিস্থিতিৰ বিতং ব্যাখ্যা আগবঢ়ায় । আজিৰ বৈঠকত জিলাখনৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া, মহকুমাধিপতিসকল তথা বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত আছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

14 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৬/২০২১

গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

ৰক্তদানৰ সমান মহৎ কাৰ্য নাই : মহন্ত

গোলাঘাট, ১৪ জুন : স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ গজানন্দ জালান সেৱা সদনত বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় মেডিক'জ অৰ্গেনাইজেচনৰ উদ্যোগত, সেৱা ভাৰতী পূৰ্বাঞ্চল, গোলাঘাট আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সৌজন্যত আৰু কেইবাটাও অনুষ্ঠানৰ সহযোগত আয়োজন কৰা এটা ৰক্তদান শিবিৰ মুকলি কৰে । শিবিৰ মুকলি কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ শৰীৰৰ এটোপাল তেজ দি আন এজনক জীৱন দান কৰাৰ সমান মহৎ কাম আৰু একো নাই । তেওঁ এই মহৎ কাৰ্যৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয় আৰু ৰক্তদানৰ সক্ষমতা থকা লোকসকলক এই কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ বিত্তমন্ত্ৰী অজন্তা নেওগে সেৱাৰ মনোভাৱেৰে কৰা এই কাৰ্য প্ৰশংসাৰ যোগ্য বুলি মন্তব্য কৰে । অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্র প্ৰতাপ সিং, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত আছিল । উল্লেখযোগ্য যে এই শিবিৰত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সন্মিলন, অখিল ভাৰতী মাৰোৱাৰী মহিলা সন্মিলন আৰু মাৰোৱাৰী যুৱ মঞ্চ, গোলাঘাটে সহযোগিতা আগবঢ়াইছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।