13 Jun, 2021
Sunday, 13 June 2021
13 Jun, 2021জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।
13 Jun, 2021
জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...