10 Jun, 2021
Thursday, 10 June 2021
নগাঁও জিলাৰ COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণ সম্পৰ্কীয় গোহাঁৰি।
10 Jun, 2021
নগাঁও জিলাৰ COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণ সম্পৰ্কীয় গোহাঁৰি।
ইং ১৭/০৪/২০২১ তাৰিখৰ পৰা ইং ২৩/০৪/২০২১ তাৰিখ লৈকে নগাওঁ জিলাৰ যিসকল নাগৰিকে Covaxin ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক অহা ইং ১১/০৬/২০২১ তাৰিখে হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় পালি টিকা পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হব।
ইং ২৩/০৪/২০২১ তাৰিখৰ পিছত টিকা গ্ৰহন কৰা ব্যক্তিৰ বাবে পৰৱৰ্তী টিকাকৰণ সূচী বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰা হব।
Directorate of Information and Public Relations, Assam
National Health Mission Nagaon
বান ক্ষতিগ্ৰস্ত লোকৰ বাবে উন্নত মানৰ খাদ্য সামগ্ৰী যোগানক লৈ আপোচ কৰা নহ'ব : উপায়ুক্ত
10 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৪/২০২১
বান ক্ষতিগ্ৰস্ত লোকৰ বাবে উন্নত মানৰ খাদ্য সামগ্ৰী যোগানক লৈ আপোচ কৰা নহ'ব : উপায়ুক্ত
বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট হ'ব নোৱাৰিব
খাদ্যসামগ্রী মজুতকৰণৰ নিৰ্দেশ, পশুখাদ্যও হ'ব লাগিব উন্নত মানৰ
আশ্ৰয় শিবিৰত থাকিব শিশু অনুকূল সুকীয়া স্থান
গোলাঘাট জিলাৰ আসন্ন বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি সন্দৰ্ভত আলোচনা
গোলাঘাট, ১০জুন : গোলাঘাট জিলাৰ আসন্ন বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি সন্দৰ্ভত আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ আৰম্ভণিতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে পাৱাৰপইণ্ট প্ৰেজেন্টেচনৰ জৰিয়তে জিলাখনৰ বান ব্যৱস্থাপনা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । জিলা উপায়ুক্তই কয় যে বানপানীৰ আশ্ৰয় শিবিৰসমূহত সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়, বীজানুমুক্তকৰণৰ ব্যৱস্থা আৰু শিশু অনুকূল সুকীয়া স্থানক লৈ কোনো আপোচ কৰা নহ'ব । আশ্ৰয় শিবিৰত থকা ছোৱালী আৰু অন্য লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তেওঁ শিবিৰসমূহলৈ অপ্ৰয়োজনীয়ভাৱে বাহিৰা লোকৰ আহ-যাহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে । বান সাহায্যৰ খাদ্য সামগ্ৰীৰ মান সন্দৰ্ভত তেওঁ কয় যে আশ্ৰয় শিবিৰত থকা আৰু বান ক্ষতিগ্ৰস্ত লোকসকলক উন্নত মানৰ খাদ্য যোগান ধৰাটো সুনিশ্চিত কৰিব লাগিব । খাদ্য সামগ্ৰীক লৈ কোনো আপোচ নকৰিবলৈ জিলা উপায়ুক্তৰগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে । আনহাতে উন্নত মানৰ ভাল ব্ৰেণ্ডৰ চেনিটেৰী নেপকিন আৰু শিশু খাদ্য যোগান ধৰিবলৈও তেওঁ কয় । তেওঁ কয় যে খাদ্য সামগ্ৰী আৰু বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে অন্যান্য সামগ্ৰী এতিয়াৰপৰাই মজুত কৰিব লাগিব । উন্নত মানৰ পশুখাদ্যৰ যোগানো সুনিশ্চিত কৰিবলৈ তেওঁ যোগান বিভাগক নিৰ্দেশ দিয়ে । তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নাম যাতে তালিকাত অন্তৰ্ভুক্ত নহয়, চক্ৰ বিষয়াসকলে সেয়া সুনিশ্চিত কৰিব লাগিব । প্ৰতিটো খাদ্য সামগ্ৰীৰ মান সুনিশ্চিত কৰাৰ বাবে চক্ৰ বিষয়াসকলক সামগ্ৰীৰ একোটা নমুনা লগত ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে । এজেন্সিসমূহে উক্ত নমুনাৰ খাদ্য সামগ্ৰীহে যোগান ধৰিব লাগিব । প্ৰতিটো বিভাগে সময়মতে তথ্য যোগান ধৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে । বিশেষকৈ বানত কৃষিভূমিৰ ক্ষয়-ক্ষতি সন্দৰ্ভত সময়মতে তথ্য যোগান ধৰিবলৈ তেওঁ কৃষি বিভাগক নিৰ্দেশ দিয়ে । আনহাতে বানৰ সময়ত কৰ্তব্যত গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে সকীয়াই দিয়ে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
পৰৱৰ্তী ৫ বছৰৰ বাবে প্ৰতিটো বিভাগে প্ৰস্তুত কৰিব লাগিব ভিজন ডকুমেণ্ট
10 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৩/২০২১
গোলাঘাটত জিলা উন্নয়ন আয়োগৰ বৈঠক সম্পন্ন
কৃষকৰ সৈতে জড়িত আঁচনিৰ কাম অগ্ৰাধিকাৰ ভিত্তিত কৰাৰ নিৰ্দেশ উপায়ুক্তৰ
পৰৱৰ্তী ৫ বছৰৰ বাবে প্ৰতিটো বিভাগে প্ৰস্তুত কৰিব লাগিব ভিজন ডকুমেণ্ট
অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ৫ টাকৈ দলে দৈনিক চলাব অভিযান
গোলাঘাট, ১০জুন : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়োগৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ পৰৱৰ্তী ৫ বছৰৰ বাবে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে । এই ভিজন ডকুমেণ্টৰ ৰূপায়ন সন্দৰ্ভত প্ৰতিমাহে বৈঠক অনুষ্ঠিত হ'ব । তেওঁ সময়মতে প্ৰতিখন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । লগতে কৃষকৰ সৈতে জড়িত প্ৰতিখন আঁচনিৰ কাম অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জনসাধাৰণে প্ৰতিখন আঁচনিৰ বিষয়ে বিতংভাৱে জানিব লাগিব । জনসাধাৰণ উপকৃত হোৱাকৈ যথাৰ্থভাৱে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ বিভাগসমূহক নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে কয় যে প্ৰতিটো বিভাগে ৰাইজৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব লাগিব । সময়মতে আঁচনিৰ কাম সম্পূৰ্ণ কৰিব পাৰিলেহে প্ৰকৃত হিতাধিকাৰী উপকৃত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ সকলো চৰকাৰী কাৰ্যালয় যাতে এটা স্থানতে থাকে তাৰ বাবে মিনি সচিবালয় স্থাপনৰ প্ৰস্তাৱ দাখিলৰো পৰামৰ্শ আগবঢ়ায় । তেওঁ কয় যে প্ৰতিটো চৰকাৰী কাৰ্যালয় যাতে ভাল অৱস্থাত থাকে সেইয়া সুনিশ্চিত কৰিব লাগিব । উপায়ুক্তগৰাকীয়ে ধনশিৰি আৰু বোকাখাতৰ মহকুমাধিপতিক বিভিন্ন আঁচনিৰ অধীনত হৈ থকা প্ৰকল্পসমূহ পৰিদৰ্শন কৰি বিতংভাৱে বুজ লোৱাৰ নিৰ্দেশ দিয়ে । আনহাতে আবকাৰী বিভাগক অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জিলাখনত দৈনিক ৫টা দলে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাব লাগিব । অভিযান চলাই সুৰা প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা সকলো বাচন-বৰ্তন তাতে থৈ নাহি বাজেয়াপ্ত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
Subscribe to:
Comments (Atom)
পৃথিৱীৰ মানৱ জাতিলৈ আহ্বান
📰 বিশেষ নিউজ বাৰ্তা 🌏 পৃথিৱীৰ মানৱ জাতিলৈ সাৱধান আহ্বান গোলাঘাট, অসম, ভাৰত, ২৫ মাৰ্চ: সমগ্ৰ মানৱ জাতিলৈ এক গভীৰ সজাগ বাৰ্তা আগবঢ়োৱা হৈছে।...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...