Thursday, 10 June 2021

পৰৱৰ্তী ৫ বছৰৰ বাবে প্ৰতিটো বিভাগে প্ৰস্তুত কৰিব লাগিব ভিজন ডকুমেণ্ট

10 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৩/২০২১

গোলাঘাটত জিলা উন্নয়ন আয়োগৰ বৈঠক সম্পন্ন

কৃষকৰ সৈতে জড়িত আঁচনিৰ কাম অগ্ৰাধিকাৰ ভিত্তিত কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

পৰৱৰ্তী ৫ বছৰৰ বাবে প্ৰতিটো বিভাগে প্ৰস্তুত কৰিব লাগিব ভিজন ডকুমেণ্ট

অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ৫ টাকৈ দলে দৈনিক চলাব অভিযান

গোলাঘাট, ১০জুন : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়োগৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক  কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ পৰৱৰ্তী ৫ বছৰৰ বাবে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে । এই ভিজন ডকুমেণ্টৰ ৰূপায়ন সন্দৰ্ভত প্ৰতিমাহে বৈঠক অনুষ্ঠিত হ'ব । তেওঁ সময়মতে প্ৰতিখন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । লগতে কৃষকৰ সৈতে জড়িত প্ৰতিখন আঁচনিৰ কাম অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জনসাধাৰণে প্ৰতিখন আঁচনিৰ বিষয়ে বিতংভাৱে জানিব লাগিব । জনসাধাৰণ উপকৃত হোৱাকৈ যথাৰ্থভাৱে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ বিভাগসমূহক নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে কয় যে প্ৰতিটো বিভাগে ৰাইজৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব লাগিব । সময়মতে আঁচনিৰ কাম সম্পূৰ্ণ কৰিব পাৰিলেহে প্ৰকৃত হিতাধিকাৰী উপকৃত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ সকলো চৰকাৰী কাৰ্যালয় যাতে এটা স্থানতে থাকে তাৰ বাবে মিনি সচিবালয় স্থাপনৰ প্ৰস্তাৱ দাখিলৰো পৰামৰ্শ আগবঢ়ায় । তেওঁ কয় যে প্ৰতিটো চৰকাৰী কাৰ্যালয় যাতে ভাল অৱস্থাত থাকে সেইয়া সুনিশ্চিত কৰিব লাগিব । উপায়ুক্তগৰাকীয়ে ধনশিৰি আৰু বোকাখাতৰ মহকুমাধিপতিক বিভিন্ন আঁচনিৰ অধীনত হৈ থকা প্ৰকল্পসমূহ পৰিদৰ্শন কৰি বিতংভাৱে বুজ লোৱাৰ নিৰ্দেশ দিয়ে । আনহাতে আবকাৰী বিভাগক অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জিলাখনত দৈনিক ৫টা দলে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাব লাগিব । অভিযান চলাই সুৰা প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা সকলো বাচন-বৰ্তন তাতে থৈ নাহি বাজেয়াপ্ত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

তলত দিয়া অনুসৰি কোভিড-19 টিকাকৰণৰ প্ৰথম পালিৰ বাবে সময়সূচী। পঞ্জীয়ন/ বুকিং আজি (10-06-2021) 4:00 পি.M তাৰিখে খোলা থাকিব

10 Jun, 2021

তলত দিয়া অনুসৰি কোভিড-19 টিকাকৰণৰ প্ৰথম পালিৰ বাবে সময়সূচী। পঞ্জীয়ন/ বুকিং আজি (10-06-2021) 4:00 পি.M তাৰিখে খোলা থাকিব 

45 বছৰ আৰু অধিক সময়ৰ বাবে কোভাক্সিনৰ দ্বিতীয় পালিও উপলব্ধ। 

18 বছৰ-44 বছৰ বয়সৰ বাবে ভেকছিনৰ দ্বিতীয় পালি (কভাক্সিন) কম সময়ৰ ভিতৰত উপলব্ধ হ'লে অৱগত কৰা হ'ব

45 বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে, যিসকলে এতিয়াও তেওঁলোকৰ প্ৰথম পালি আৰু দ্বিতীয় পালি প্ৰাপ্ত কৰিবলৈ বাকী আছে তেওঁলোকে তেওঁলোকৰ নিকটতম টিকাকৰণ কেন্দ্ৰলৈ যাব পাৰে

10 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 09/06/2021.

10 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 09/06/2021.

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...