08 Jun, 2021
Tuesday, 8 June 2021
জ্যেষ্ঠ নাগৰিকক আমন্ত্ৰণ জনাই আনি দিয়া হ'ল ক'ভিডৰ প্ৰতিষেধক
08 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ৯০ /২০২১
গোলাঘাটত আৰম্ভ "নিয়েৰ টু হোম" কাৰ্যসূচী
বিশেষভাৱে সক্ষম লোককো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ
গোলাঘাট, ৮ জুন : গোলাঘাট জিলাত আজিৰেপৰা "নিয়েৰ টু হোম" কাৰ্যসূচীৰ অধীনত জ্যেষ্ঠ নাগৰিকক আমন্ত্ৰণ জনাই আনি ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সেই অনুসৰি আজি গোলাঘাটৰ মুদৈগাঁও প্ৰাথমিক বিদ্যালয়ত ৩০ গৰাকী জ্যেষ্ঠ নাগৰিকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । জিলাখনৰ বিভিন্ন ঠাইত পৰ্যায়ক্ৰমে এই কাৰ্যসূচীৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ ওচৰতে প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । ক'ভিডৰ প্ৰতিষেধকৰ পৰা যাতে এজনো লোক বঞ্চিত নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰী, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৌফিক হুছেইন, নগৰীয়া স্বাস্থ্য বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ সুনিতা এক্কা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া অনুস্কা বৰা আৰু ভালেসংখ্যক চিকিৎসক-স্বাস্থ্যকর্মী উপস্থিত আছিল । ইফালে আজিৰে পৰা গোলাঘাট জিলাৰ বিশেষভাৱে সক্ষম লোকসকলক প্ৰতিষেধক প্ৰদান কার্যসূচীও আৰম্ভ হৈছে । আজি মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ দিননাথ হাইস্কুলত ২০ গৰাকী বিশেষভাৱে সক্ষম লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকে প্ৰৱেশ কৰিলে ১৪ দিনৰ হোম কোৱাৰেণ্টাইন
08 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ৮৯/২০২১
গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকে প্ৰৱেশ কৰিলে ১৪ দিনৰ হোম কোৱাৰেণ্টাইন
প্ৰতিটো আছুতীয়াকৰণ কেন্দ্ৰত দৈনিক চিকিৎসকে দুবাৰ প্ৰৱেশ কৰি চাব লাগিব ৰোগী
চাহ বাগিচাৰ প্ৰৱন্ধকৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক
গোলাঘাট, ৮ জুন : গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকৰ প্ৰৱেশক লৈ বাগিচা কৰ্তৃপক্ষক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে । গোলাঘাট আৰু সৰুপথাৰৰ চাহ বাগিচাৰ প্ৰৱন্ধকসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শ্ৰী সিঙে কয় যে কোনোবা বাহিৰৰ পৰা আহিলেও ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিব লাগিব । প্ৰয়োজন হ'লে বাগানসমূহৰ প্ৰৱেশ আৰু প্ৰস্থান পথত অতিৰিক্ত মানুহ নিয়োগ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে চাহ বাগিচাসমূহৰ লক্ষণ নথকা শ্ৰমিককো আকস্মিকভাৱে পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে । দৈনিক চাহ বাগিচাৰ মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা কৰাৰ উপৰি অন্য লোককো পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনায় । বাগিচা এলেকাসমূহ বীজানুমুক্তকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ বাগিচাৰ আছুতীয়াকৰণ কেন্দ্ৰসমূহত বিদ্যুৎ, খোৱা পানী, শৌচাগাৰ আদিৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত গুৰুত্ব দিয়াৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰতিটো আছুতীয়াকৰণ কেন্দ্ৰত দৈনিক চিকিৎসকে দুবাৰ প্ৰৱেশ কৰি ৰোগী চাব লাগিব । বাগিচাৰ শ্ৰমিকে পাত তোলা, পাত জোখা আৰু খোৱা-বোৱাৰ সময়ত সামাজিক দূৰত্ব যাতে মানি চলে তাৰ প্ৰতি বিশেষভাৱে চকু ৰাখিবলৈও উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । আনহাতে সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ জনগোষ্ঠীৰ সংগঠনসমূহক সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায় । তেওঁ ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । উপায়ুক্তগৰাকীয়ে কয় যে চাহ বাগিচাৰ ক'ভিড ৰোগী ক'ত থাকিব কেৱল চিকিৎসকেহে সিদ্ধান্ত ল'ব । ৰোগীৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ক'ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়ত ভৰ্তি কৰোৱা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে । আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদ্বীপ হাজৰিকা আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে চক্ৰ বিষয়াসকলো উপস্থিত আছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
08 Jun, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Subscribe to:
Comments (Atom)
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...