08 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ৯০ /২০২১
গোলাঘাটত আৰম্ভ "নিয়েৰ টু হোম" কাৰ্যসূচী
বিশেষভাৱে সক্ষম লোককো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ
গোলাঘাট, ৮ জুন : গোলাঘাট জিলাত আজিৰেপৰা "নিয়েৰ টু হোম" কাৰ্যসূচীৰ অধীনত জ্যেষ্ঠ নাগৰিকক আমন্ত্ৰণ জনাই আনি ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সেই অনুসৰি আজি গোলাঘাটৰ মুদৈগাঁও প্ৰাথমিক বিদ্যালয়ত ৩০ গৰাকী জ্যেষ্ঠ নাগৰিকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । জিলাখনৰ বিভিন্ন ঠাইত পৰ্যায়ক্ৰমে এই কাৰ্যসূচীৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ ওচৰতে প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । ক'ভিডৰ প্ৰতিষেধকৰ পৰা যাতে এজনো লোক বঞ্চিত নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰী, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৌফিক হুছেইন, নগৰীয়া স্বাস্থ্য বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ সুনিতা এক্কা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া অনুস্কা বৰা আৰু ভালেসংখ্যক চিকিৎসক-স্বাস্থ্যকর্মী উপস্থিত আছিল । ইফালে আজিৰে পৰা গোলাঘাট জিলাৰ বিশেষভাৱে সক্ষম লোকসকলক প্ৰতিষেধক প্ৰদান কার্যসূচীও আৰম্ভ হৈছে । আজি মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ দিননাথ হাইস্কুলত ২০ গৰাকী বিশেষভাৱে সক্ষম লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA