Saturday, 5 June 2021

05 Jun, 2021Bed Available in Golaghat District

05 Jun, 2021

Bed Available in Golaghat District

05 Jun, 2021New SOP for Jorhat District.District Administration, Jorhat Directorate of Information and Public Relations, Assam

05 Jun, 2021

New SOP for Jorhat District.

District Administration, Jorhat 
Directorate of Information and Public Relations, Assam

05 Jun, 2021যোৰহাটত ১৪৪ ধাৰা জাৰিDistrict Administration, Jorhat Directorate of Information and Public Relations, Assam

05 Jun, 2021

যোৰহাটত ১৪৪ ধাৰা জাৰি
District Administration, Jorhat 
Directorate of Information and Public Relations, Assam

05 Jun, 2021New SOP to be followed across the state of Assam ( both Urban & Rural) date 5th June, 2021

05 Jun, 2021

New SOP to be followed across the state of Assam ( both Urban & Rural) date 5th June, 2021

05 Jun, 2021Golaghat COVID-19🦠😷 Update

05 Jun, 2021

Golaghat COVID-19🦠😷 Update

 

05 Jun, 2021OrderCovid 19 situation Important circle level control room details in Golaghat

05 Jun, 2021

Order
Covid 19 situation Important circle level control room details in Golaghat

গোলাঘাট জিলাৰ উপায়ুক্তৰ সীমান্ত অঞ্চল পৰিদর্শন

05 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ  বিজ্ঞপ্তি নং : ৮৭/২০২১

গোলাঘাট জিলাৰ উপায়ুক্তৰ সীমান্ত অঞ্চল পৰিদর্শন 
ফোন কৰি ৰোগীৰ খবৰ ল'লে উপায়ুক্তই

চাহ বাগিচাত দৈনিক মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা নকৰিলে কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব : উপায়ুক্ত

গোলাঘাট, ৫ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তি, কলাজান আদি অঞ্চল পৰিদর্শন কৰি সীমান্ত অঞ্চলৰ ভৌগলিক অৱস্থা আৰু বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে চি আৰ পি এফৰ মেৰাপানী শিবিৰতে সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।  উপায়ুক্তগৰাকীক চেক্টৰ কমাণ্ডাৰ আৰু ডি চেক্টৰৰ সীমান্ত দণ্ডাধীশে স্পৰ্শকাতৰ এলেকাসমূহৰ লগতে সীমান্তত সৃষ্টি হোৱা বিভিন্ন আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰায় । উপায়ুক্তগৰাকীৰ সৈতে সীমান্ত পৰিদর্শনকালত চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড, সীমান্তৰ চি আৰু ডি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰ, সীমান্ত উপ আৰক্ষী অধীক্ষক, ডি চেক্টৰৰ সীমান্ত দণ্ডাধীশ আৰু মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী উপস্থিত আছিল । ইয়াৰ পাছতে উপায়ুক্তগৰাকীয়ে মেৰাপানী শিবিৰতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটা গছপুলি ৰোপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উপায়ুক্তগৰাকীয়ে আজি কাছমাৰী আদৰ্শ চিকিৎসালয়ো পৰিদর্শন কৰে । তেওঁ চিকিৎসালয়খনত চিকিৎসক-নাৰ্ছৰ উপস্থিতি, ৰোগীৰ পঞ্জীয়ন আদি নিৰীক্ষণ কৰি চিকিৎসালয়খনৰ কেইবাজনো ৰোগীক ফোন কৰি খবৰ লয় । তেওঁ ৰোগীৰ খোৱা-বোৱা, ঔষধ-পাতি আদিৰ বিষয়ে ৰোগীৰ পৰাই বা-বাতৰি লোৱাৰ লগতে চিকিৎসালয়খনৰ ৰান্ধনীশালটো পৰিদৰ্শন কৰে । উপায়ুক্তগৰাকীয়ে তাৰ পাছতে দৈয়াং চাহ বাগিচাৰ প্ৰতিষেধক আৰু পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিড বিধি মানি চলা হৈছেনে নাই সেইয়া পৰ্যবেক্ষণ কৰে । তেওঁ চাহ বাগিচা কৰ্তৃপক্ষক প্ৰতিদিনে মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে । এনে নকৰিলে বাগানখনক কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । উপায়ুক্তগৰাকীয়ে আজি জিলা স্বাস্থ্য বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাতো অংশ লয় । 
বৈঠকত উপায়ুক্তগৰাকীয়ে পৰীক্ষা, প্ৰতিষেধক প্ৰদান, আক্ৰান্তৰ হাৰ আদি বিভিন্ন দিশ পৰ্যালোচনা কৰে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...