03 Jun, 2021
Thursday, 3 June 2021
গোলাঘাট জিলাত গাঁও পঞ্চায়ত পৰ্যায়ত স্থাপন কৰা হ'ব আছুটীয়াকৰন কেন্দ্ৰ
03 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৮৩/২০২১
গোলাঘাট জিলাত গাঁও পঞ্চায়ত পৰ্যায়ত স্থাপন কৰা হ'ব আছুটীয়াকৰন কেন্দ্ৰ
প্ৰতিটো ৰাজহ চক্ৰত দৈনিক ক'ভিড ৰোগীৰ খবৰ লোৱাৰ বাবে স্থাপন কৰা হ'ব কল চেণ্টাৰ
ক'ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে কোনেও এটকাও ব্যয় কৰিব নালাগে
আগতীয়া পৰীক্ষণ আৰু আগতীয়া চিকিৎসা ক'ভিডৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ : উপায়ুক্ত
স্থাপন কৰা হ'ব আদৰ্শ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ
প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত থাকিব দুখনকৈ ১০৮ এম্বুলেন্স, এখনকৈ অতিৰিক্ত বাহনৰো ব্যৱস্থা
গোলাঘাট, ৩ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি গোলাঘাটৰ সাংবাদিকসকলৰ সৈতে এটা সৌহাদ্যমূলক আলোচনাত মিলিত হয় । তেওঁ গোলাঘাট জিলাত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰাৰ লগতে সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে । তেওঁ কয় যে ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে গোলাঘাট পৌৰ সভাক দায়িত্ব দিয়া হৈছে । কোনো লোকেও যাতে শেষকৃত্যৰ বাবে এটকাও দিব লগা নহয় সেইয়া সুনিশ্চিত কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।তেওঁ কয় যে ৰাইজৰ ক'ভিড সম্পৰ্কীয় অভাৱ-অভিযোগৰ বাবে 03774-283001 হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে । আগতীয়া পৰীক্ষণ আৰু আগতীয়া চিকিৎসা ক'ভিডৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে যে ৰাইজক সজাগ কৰাৰ বাবে আশা আৰু অংগনবাড়ী কৰ্মীয়ে গাঁৱে-গাঁৱে অভিযান অব্যাহত ৰাখিছে । গাঁও পঞ্চায়ত পৰ্যায়ত ক'ভিড আছুটীয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে লক্ষণ নথকা ৰোগীসকলে যাতে আত্মীয়ৰ পৰা আঁতৰত থাকি মানসিক উদ্যম হেৰুৱাই নেপেলায় তাৰ বাবে তেওঁলোকক ঘৰৰ ওচৰতে ৰাখিব পৰাকৈ এই কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব । তেওঁ কয় যে ক'ভিডমুক্ত নোহোৱালৈকে ৰোগীসকলৰ সৈতে চিকিৎসক-কৰ্মচাৰী তথা প্ৰশাসনৰ লোকে যোগাযোগ ৰক্ষা কৰি চলিব লাগিব । তাৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ত কল চেণ্টাৰ স্থাপন কৰা হ'ব । এই কল চেণ্টাৰৰ পৰা সংশ্লিষ্ট এলেকাৰ হোম আইছ'লেচনত থকা ক'ভিড ৰোগীসকলক ফোন কৰি দৈনিক ২/৩ বাৰ খবৰ লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে ৰোগী অনা-নিয়া কৰাৰ বাবে ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত প্ৰতিটো ৰাজহ চক্ৰত দুখন ১০৮ এম্বুলেন্স আৰু এখনকৈ অতিৰিক্ত গাড়ী ভাড়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চক্ৰ বিষয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লৈ বিশেষ গোট গঠন কৰি দিয়া হৈছে । তেওঁ কয় যে এই গোটসমূহে নিজৰ এলেকাৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত নিয়মীয়াকৈ পৰ্যালোচনা কৰিব । ইফালে গোলাঘাটত দৈনিক মুঠ জনসংখ্যাৰ হিচাপত দশমিক ৩ শতাংশকৈ পৰীক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ লগতে কয় যে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত কেতবোৰ আদৰ্শ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হ'ব । তেওঁ ৫০ বছৰ বয়সৰ উৰ্ধৰ আৰু ৰোগাক্ৰান্ত লোকক কোনো কাৰণতে হোম আইছ'লেচন দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
সংক্ৰমণ ধৰা পৰা কোনো লোক যাতে ব্যক্তিগত বাহনেৰে ঘৰলৈ যাব নোৱাৰে সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ
03 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৮২/২০২১
গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগৰ পৰ্যালোচনা বৈঠক
ক'ভিড ৰোগী সংক্ৰমণমুক্ত নোহোৱালৈকে প্ৰশাসন-স্বাস্থ্য বিভাগে ৰাখিব লাগিব যোগাযোগ
প্ৰস্তাৱিত গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ বাবে মাটি চিনাক্ত কৰাৰ নিৰ্দেশ
প্ৰতিটো সমষ্টিত স্থাপন কৰা হ'ব ৫টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ
ৰাজ্যৰ শীৰ্ষৰ ৩খন জিলাৰ ভিতৰত অন্যতম হিচাপে গঢ় দিয়াৰ বাবে সমন্বয়ৰে কাম কৰিবলৈ সকলো বিভাগক নিৰ্দেশ
গোলাঘাট, ৩ জুন : বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগে আজি গোলাঘাট আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ জিলাখনত বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত ক'ভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অধিক সক্ৰিয়ভাৱে কাম কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । তেওঁ প্ৰতিজন ক'ভিড ৰোগী এই সংক্ৰমণৰ পৰা মুক্ত নোহোৱালৈকে নিয়মীয়াকৈ তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । সংক্ৰমণ ধৰা পৰা কোনো লোক যাতে ব্যক্তিগত বাহনেৰে ঘৰলৈ যাব নোৱাৰে সেইয়া সুনিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে কয় । মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত চক্ৰ বিষয়াসকলক বাগান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিবলৈ পৰামৰ্শ আগবঢ়ায় । জিলাখনৰ ৭৯ খন চাহ বাগিচাতে ক'ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ৰোগীসকলৰ খবৰ ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । বৰ্তমান জিলাখনৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ৪৮৮ জন লোক চিকিৎসাধীন হৈ আছে ।
মন্ত্ৰীগৰাকীয়ে গোলাঘাট পৌৰ সভাক অধিক গতিশীল কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিটো বিভাগক সক্ৰিয়তাৰে কাম কৰিবলৈ নিৰ্দেশ দিছে । এই ক্ষেত্ৰত গোলাঘাটক ৰাজ্যৰ ভিতৰতে শীৰ্ষৰ ৩ খন জিলাৰ অন্যতম হিচাপে গঢ় দিবলৈ প্ৰতিটো বিভাগে সমন্বয় ৰক্ষা কৰি অধিক গতিশীলভাৱে কাম কৰিব লাগিব । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উন্নয়নমূলক কাম-কাজসমূহৰ গতি তৰান্বিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক নিৰ্দেশ দিয়ে । তেওঁ জিলা ৰাজহ বিভাগক অতি সোনকালেই মেপিঙৰ ভিত্তিত ৰাজহ সংগ্ৰহত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । প্ৰস্তাৱিত গোলাঘাট চিকিৎসা মহাবিদ্যালয়, সতী সাধনী বিশ্ববিদ্যালয় আৰু জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয় স্থাপনৰ বাবে মাটি চিনাক্ত কৰিবলৈও তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে প্ৰতিটো সমষ্টিত ৫টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰাৰ বাবে অতি সোনকালেই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ প্ৰতিটো বিভাগক আঁচনি ৰূপায়নৰ পূৰ্বে আঁচনিখনৰ সম্ভাব্য কৃতকাৰ্যতা সন্দৰ্ভত সঠিকভাৱে সমীক্ষা তথা জৰীপ কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজসমূহৰ ক্ষেত্ৰত কয় যে কোনো কাৰণতে যাতে কোনো পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে সেইয়া সুনিশ্চিত কৰিব লাগিব । প্ৰতিখন আঁচনি ৰাইজৰ হিতাৰ্থে হ'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিচৰাৰ দৰে মানুহৰ আস্থা যাতে চৰকাৰ-প্ৰশাসনৰ ওপৰত কোনো কাৰণতে লাঘৱ নহয় তাৰ প্ৰতি প্ৰত্যেকজন বিষয়া-কৰ্মচাৰী সতৰ্ক হ'ব লাগিব । সেয়া কৰিবলৈ সমগ্ৰ ব্যৱস্থাটোক আমি পুনৰ নিৰ্মান কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত অব্যাহত থকা উন্নয়নমূলক কাম-কাজসমূহৰ গতি তৰান্বিত কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকলৰ লগতে চাহ বাগিচাৰ প্ৰৱন্ধকৰ সৈতেও আলোচনাত মিলিত হয় ।
বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সমষ্টিটোৰ বাট-পথসমূহৰ উন্নয়ন সম্পৰ্কে পৰ্যালোচনা কৰে । তেওঁ ক'ভিড-19 ৰ বিৰুদ্ধে যুঁজখনত সকলোৱে সন্মিলিতভাৱে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে কয় যে জিলাখনত ক'ভিড -19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়াস অব্যাহত ৰাখিছে । যোৱা কেইটামান দিনত জিলাখনৰ সংক্ৰমণৰ হাৰ ভালেখিনি হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে । বৈঠকত জিলাখনৰ সকলো বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত আছিল ।
পাছত সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৰাইজ তথা সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰি সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ কয় যে ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰিলেহে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব । তেওঁ স্বাস্থ্যৰ অধিক অৱনতি ঘটালৈকে বাট চাই নাথাকি পৰীক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
03 Jun, 2021RAT Test Report 2nd June, 2021Majuli Fights CovidNational Health Mission, MajuliDistrict Administration Majuli
03 Jun, 2021
RAT Test Report 2nd June, 2021
Majuli Fights Covid
National Health Mission, Majuli
03 Jun, 2021কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি
03 Jun, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...