Thursday, 3 June 2021
03 Jun, 2021COVID19 সদায় জ্বৰৰ অৰ্থ নহয়। এইটো Japanese Encephalitis বাবেও এটা লক্ষণ হ'ব পাৰে! ইয়াৰ বাবে লক্ষণ আৰু প্ৰতিৰোধ ইয়াত ভাগ বতৰা কৰা হৈছে।
03 Jun, 2021
COVID19 সদায় জ্বৰৰ অৰ্থ নহয়।
এইটো Japanese Encephalitis বাবেও এটা লক্ষণ হ'ব পাৰে!
Wednesday, 2 June 2021
গোলাঘাট পৌৰ সভাৰ অধীনৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন
02 Jun, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৮১/২০২১
গোলাঘাট পৌৰ সভাৰ অধীনৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন
বাৰে বাৰে জাননী পোৱাৰ পাছতো কৰ আদায় নিদিয়া ব্যৱসায়ীৰ বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ, বাজেয়াপ্ত কৰা হ'ব সম্পত্তি
কৰ দিবলৈ বাকী থকা লোকসকলৰ নাম জাননী ব'ৰ্ডত লিখি কাৰ্যালয় চৌহদত আঁৰি থোৱাৰ নিৰ্দেশ
সৰ্বাধিক কৰ দিবলৈ বাকী থকা লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰা হ'ব
গোলাঘাট, ২ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি গোলাঘাট পৌৰ সভাৰ কাৰ্যালয়ত পৌৰ সভাৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ সভাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ নিম্নগামী হোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে পৌৰ সভা এটা স্বতন্ত্ৰ সংস্থা । সেয়েহে চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি কৰ সংগ্ৰহ ব্যৱস্থাটোক অধিক সক্ৰিয় কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ পৌৰ সভাৰ পৰা জাননী লাভ কৰাৰ পাছতো কৰ আদায় নিদিয়া লোকসকলৰ নাম ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰয়োজন হ'লে অত্যধিক পৰিমাণৰ কৰ আদায় নিদিয়াকৈ থকা লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব লাগিব । ইতিমধ্যে জাননী পোৱাৰ পাছতো কৰ দিবলৈ বাকী থকা লোকসকলৰ নাম জাননী ব'ৰ্ডত লিখি কাৰ্যালয় চৌহদত আঁৰি থ'বলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ অহাৰ পাছত অহা জুলাই মাহৰ পৰা কৰ আদায় নিদিয়া ব্যৱসায়ী আৰু অন্য লোকসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে ইতিমধ্যে ছীল কৰি থোৱা দোকান বা ব্যৱসায় প্রতিষ্ঠানসমূহ অতি শীঘ্ৰে নিলাম কৰি অন্য লোকৰ নামত আৱন্টন দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । যিসকল ব্যৱসায়ী বা অন্য লোকে বাৰে বাৰে জাননী জাৰি কৰাৰ পাছতো পৰিষদৰ ওচৰত কৰসমূহ আদায় দিয়া নাই তেনে ব্যৱসায়ীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে । তেওঁ কয় যে ৰাইজৰ বাবে ২৪ ঘণ্টাই সেৱা আগবঢ়োৱা পৌৰ সভাৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি যিসকল ব্যৱসায়ী আৰু অন্য লোকে দিবলগীয়া ন্যূনতম কৰো আদায় দিয়া নাই তেওঁলোকে অতি সোনকালে কৰ আদায় দিব লাগিব । অন্যথা আইন অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । আনহাতে গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে পৌৰকর্মী তথা চাফাই কৰ্মীসকলক সক্ৰিয়ভাৱে কাম কৰি যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । উপায়ুক্তগৰাকীয়ে নগৰখনৰ ১৩ নম্বৰ ৱাৰ্ড পৰিদৰ্শন কৰি ষ্ট্ৰীট লাইটৰ বৰ্তমানৰ স্থিতিৰো বুজ লয় ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...