Friday, 28 May 2021
Thursday, 27 May 2021
27 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 28May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
27 May, 2021
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 28May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
27 May, 2021
মানুহৰ বাবে কিবাএটা কৰাৰ দূৰ্বাৰ হেপাহ আছিল লৰাকেইটাইৰ ৷ আৰু এতিয়া কৰুণা ভাইৰাছৰ নৰসংহাৰৰ সময়ত মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
দুইবন্ধুৱে বৃহস্পতিবাৰেও তেওলোকৰ মানৱসেৱাৰ অভিযান অব্যাহত ৰাখিছে ৷ ক’ভীড-১৯ ৰ বাবে ধন উপাৰ্জনৰ পথ ৰূদ্ধ হৈ দিক বিদিক হেৰুৱা কমাৰবন্ধা অঞ্চলৰ প্ৰায় ৫০ ঘৰ দৰিদ্ৰ লোকক বৃহস্পতিবাৰে খাদ্য
দ্ৰব্য যোগান ধৰে ৷ মানস প্ৰতীমে নিজৰ খৰচত এই সমূহ ক্ৰয় কৰি বন্ধু ধ্ৰুৱজ্যোতিক লগতলৈ কমাৰবন্ধালৈ গৈ দৰিদ্ৰ সকলৰ ভোক নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰে ৷ উল্লেখ্যযে যুৱকদ্বয়ে ইতিপূৰ্বে বৃদ্ধাশ্ৰম ; তৰফাত আহোমগাও ; নতুন আমোলাপট্টি আদিতো এনেদৰে দৰিদ্ৰ সকলক খাদ্যৰ যোগান ধৰি আহিছে ::
কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ
27 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৭৯/২০২১
গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ
ৰোগমুক্ত নোহোৱালৈকে ঘৰতে আছুটীয়াকৈ থকা ক'ভিড ৰোগীসকলৰ খবৰ ৰখাৰ নিৰ্দেশ
সুস্থ হৈ উঠা ক'ভিড ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰত থৈ অহাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ
গোলাঘাট ক'ভিড চিকিৎসালয়ত সংযোজন হ'ব ১০০ খন নতুন বিচনা
১০দিনৰ ভিতৰত কাৰ্যক্ষম হ'ব ১০ খন বিচনাযুক্ত ক'ভিড আই চি ইউ
গোলাঘাট, ২৭ মে' : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । বৈঠকত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিতংভাৱে পৰ্যালোচনা কৰে । তেওঁ ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰোগ চিনাক্ত হোৱাৰ দিন ধৰি ৰোগমুক্ত নোহোৱালৈকে ঘৰতে আছুটীয়াকৈ থকা ক'ভিড ৰোগীসকলৰ খবৰ ৰাখিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে কোনো কাৰণতে যাতে ক'ভিড আক্ৰান্ত ৰোগীয়ে গৃহ আছুতীয়াকৰণৰ নিয়ম উলংঘা নকৰে তাৰ ওপৰত আশা কৰ্মীৰ পৰা আৰম্ভ কৰি গাঁওবুঢ়া, চিকিৎসক, চক্ৰ বিষয়া তথা উপায়ুক্তলৈকে সকলোৱে চকু ৰাখিব লাগিব । তেওঁ দৈনিক ১০/২০ জন ক'ভিড আক্ৰান্ত লোকলৈ ফোন কৰি তেওঁলোকৰ খবৰ ল'বলৈ চিকিৎসক তথা ইয়াৰ সৈতে জড়িত বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিশেষকৈ চাহ বাগিচাসমূহত কোনো ক'ভিডত আক্ৰান্ত শ্ৰমিকক যাতে ঘৰতে আছুটীয়াকৈ থাকিবলৈ দিয়া নহয় সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে প্ৰতিটো ক'ভিড পৰীক্ষা কেন্দ্ৰত চিনাক্ত হোৱা ক'ভিড ৰোগীক গৃহ আছুটীয়াকৰণৰ অনুমতি দিলেও তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ পৰা কৰ্তৃপক্ষই পূৰ্বে সাজু কৰি ৰখা নিৰ্দিষ্ট গাড়ীত থৈ অহাৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । তেওঁ লগতে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া ক'ভিড ৰোগীক ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে । বৈঠকত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে ইতিমধ্যে গোলাঘাট ক'ভিড চিকিৎসালয়ত ৰোগীৰ বাবে অতিৰিক্ত ৫০ খন বিচনা সাজু কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে এসপ্তাহৰ ভিতৰত আৰু ৫০ খন বিচনাৰ সংযোজন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । বৰ্তমান চিকিৎসালয়খনত ১৫০ খন বিচনা আছে । বৈঠকত চিকিৎসালয়খনত নিৰ্মীয়মান ১০ জন লোকৰ ক্ষমতা থকা ক'ভিড আই চি ইউ কক্ষটো অহা ১০ দিনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'ভিড কেয়াৰ কেন্দ্ৰসমূহত ২৪ ঘণ্টাই চিকিৎসক অথবা নাৰ্ছৰ উপস্থিতি সুনিশ্চিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল । ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গোলাঘাট ক'ভিড চিকিৎসালয় তথা নিৰ্মীয়মান আই চি ইউ আৰু অক্সিজেন প্লেণ্ট পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে গোলাঘাট জিলাত কালিৰ দিনটোলৈকে মুঠ সক্ৰিয় ক'ভিড ৰোগীৰ ৩১১ জন চিকিৎসালয়ত, এজন ব্যক্তিগত চিকিৎসালয়ত, ৪৮৭ জন চাহ বাগিচাৰ ক'ভিড কেয়াৰ চেণ্টাৰত, ৬৩৩ জন গৃহ আছুটীয়াকৰণত আৰু ছজন কাৰাগাৰত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰত আছে । জিলাখনত আজিলৈকে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১,৪৫৯ জন । জিলাখনত পহিলা এপ্ৰিলৰ পৰা আজিৰ দিনটোলৈকে ৫৫ জন লোকৰ এই ৰোগত মৃত্যু হৈছে । জিলাখনৰ ৭৯ খন চাহ বাগিচাত ৫৩ টা ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে । এই কেন্দ্ৰসমূহত ৫৬৪ খন বিচনা আছে । পহিলা এপ্ৰিলৰ পৰা জিলাখনত ১,০৪,৯০৭টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...