Thursday, 27 May 2021
মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
27 May, 2021
মানুহৰ বাবে কিবাএটা কৰাৰ দূৰ্বাৰ হেপাহ আছিল লৰাকেইটাইৰ ৷ আৰু এতিয়া কৰুণা ভাইৰাছৰ নৰসংহাৰৰ সময়ত মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
দুইবন্ধুৱে বৃহস্পতিবাৰেও তেওলোকৰ মানৱসেৱাৰ অভিযান অব্যাহত ৰাখিছে ৷ ক’ভীড-১৯ ৰ বাবে ধন উপাৰ্জনৰ পথ ৰূদ্ধ হৈ দিক বিদিক হেৰুৱা কমাৰবন্ধা অঞ্চলৰ প্ৰায় ৫০ ঘৰ দৰিদ্ৰ লোকক বৃহস্পতিবাৰে খাদ্য
দ্ৰব্য যোগান ধৰে ৷ মানস প্ৰতীমে নিজৰ খৰচত এই সমূহ ক্ৰয় কৰি বন্ধু ধ্ৰুৱজ্যোতিক লগতলৈ কমাৰবন্ধালৈ গৈ দৰিদ্ৰ সকলৰ ভোক নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰে ৷ উল্লেখ্যযে যুৱকদ্বয়ে ইতিপূৰ্বে বৃদ্ধাশ্ৰম ; তৰফাত আহোমগাও ; নতুন আমোলাপট্টি আদিতো এনেদৰে দৰিদ্ৰ সকলক খাদ্যৰ যোগান ধৰি আহিছে ::
কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ
আৰক্ষীৰ তহলৰ সমানেই গোলাঘাট চহৰতো নিশা চলিছে চোৰৰ তহল ৷
27 May, 2021
ক’ভীড-১৯ ৰ ভাইৰাছ প্ৰতিৰোধৰ অংশহিচাবে ৰাজ্যজুৰি অব্যাহত আছে নৈশ কাৰ্ফিউ ৷ সেয়েহে নিশা জনসূণ্য হৈপৰে গোলাঘাট চহৰ ৷ আৰক্ষীৰ তহলৰ সমানেই গোলাঘাট চহৰতো নিশা চলিছে চোৰৰ তহল ৷
বুধবাৰে নিশা গোলাঘাটৰ তপন নগৰৰ ববিতা গুপ্তাৰ দোকানত চোৰে চলালে চাফাই অভিযান ৷ পিছে দোকানত থকা গেলামাল অথবা অন্যান্য সামগ্ৰীত চোৰে হাত নিদিলে মাত্ৰ সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰি চোৰৰ নজৰ পৰিল কেছ বস্কত ৷ পৃথকে পৃথকে ৰখা প্ৰায় একলাখ বিশহেজাৰ টকা লৈ চোৰ আতৰিল ৷ পুৱা খবৰপাই দোকানৰ মালিক আহিল ৷ সৃষ্টিহ’ল ভীৰৰ ৷ আৰক্ষীও আহি চলালে প্ৰাথমিক তদন্ত ৷ চেককৰাহল সন্মুখৰ CC টিভি কেমেৰা ৷ দেখাগল তিনিজন ব্যক্তি কিন্ত কেমেৰাটো দূৰৈত থকাৰ বাবে অস্পষ্ট হল চোৰৰ প্ৰতিচ্ছবি ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...