26 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৭৭/২০২১
গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আৰু বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন উপায়ুক্তৰ
ক'ভিড চিকিৎসালয়ত ৰোগীৰ বাবে বাতৰি কাকত, আলোচনী আৰু টেলিভিছন আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ
ক'ভিড ৰোগীক পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য যোগান ধৰাৰ নিৰ্দেশ
গোলাঘাট, ২৬ মে' : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি গোলাঘাট স্প'ৰ্টছ কম্প্লেক্স আৰু পাঁচ আলি শিৱ মন্দিৰ ৰাজহুৱা ভৱনত ক'ভিড 19 ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ লয় । তেওঁ লগতে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড চিকিৎসালয়ো পৰিদৰ্শন কৰে । তাত তেওঁ চিকিৎসক স্বাস্থ্যকর্মীসকলক ক'ভিড ৰোগীসকলক মানৱীয় দৃষ্টিভঙ্গীৰে সেৱা আগবঢ়াবলৈ স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ ক'ভিড ৰোগীসকলে যাতে চিকিৎসালয়ত এটা সুস্থ পৰিৱেশত থাকিব পাৰে তাৰ বাবে চিকিৎসালয়ত ৰোগীৰ বাবে বাতৰি কাকত, আলোচনী আৰু টেলিভিছন আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ চিকিৎসালয়ত যাতে ২৪ ঘণ্টাই চিকিৎসক নাৰ্ছ থাকে সেইয়া সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে ক'ভিডৰ কৰ্তব্যত নিয়োজিত চিকিৎসক, স্বাস্থ্যকর্মীসকলৰ বাবে খোৱা বোৱাৰ সু ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড ৰোগীক পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে । গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদর্শনৰ সময়ত উপায়ুক্তগৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা আৰু জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তও উপস্থিত আছিল । আনহাতে বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদর্শনৰ সময়ত তেওঁৰ সৈতে বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, আৰু জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তও উপস্থিত আছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA