Saturday, 22 May 2021
Friday, 21 May 2021
ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷
21 May, 2021
ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ
দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷
গোলাঘাট ২১ মে’
...গোলাঘাটত মাৰাত্মক ভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ বেহা। শুক্ৰবাৰে গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ পেডলাৰ আৰু এজন ভাং সৰহবৰাহকাৰীক আটক কৰে।আজি ফৰকাটিং তিনিআলিত ফৰকাটিংআৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই চলোৱা অভিযানত গোলাঘাটৰ মিচন চাৰিআলিৰ আবিদ আলিৰ পৰা ৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে গোলাঘাটৰ গাড়ীগাঁৱৰ অনিল বৰা নামৰ লোকজনৰ পৰা 24 কি:গ্ৰাম ভাং জব্দ কৰে।গোলাঘাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ডা:ৰবীন কুমাৰৰ নিৰ্দেশত এই অভিযান চলা বুলি ফৰকাটিঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।ৰাইজে এনেধৰণৰ অভিযান নিয়মমাফিক নহৈ প্ৰকৃতাৰ্থত হোৱাৰ কামনা কৰিছে।
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21
21 May, 2021
*উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21
## লখিমপুৰ জিলাত দ্ৰুত গতিত বাহিছে কভিড ১৯ৰ সংক্ৰমণ।
## লখিমপুৰ জিলাত বৰ্তমানলৈকে ৯৮৫ জন লোক কৰোনা মহামাৰীত আক্ৰান্ত হৈ আছে।
## আনহাতে বৰ্তমানলৈকে ২৭ জনৰ এই ৰোগত মৃত্যু হৈছে।
## জিলা খনৰ বিভিন্ন বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্র সমুহত ৪৫ বছৰৰ আৰু ১৮ বছৰৰ উদ্ধৰ লোকক প্ৰতিষধক প্ৰদান কৰি থকা হৈছে।
## আজি লখিমপুৰ জিলা উপায়ুক্তৰ সভাগৃহত জিলা উপায়ুক্তৰে এখন সংবাদমেল অনুস্থিত হয়।
## এই সংবাদমেলত নতুনকৈ বদলি হৈ অহা জিলা উপায়ুক্ত সুমিত চতোৱানে জিলাখনৰ কভিডৰ ওপৰত ওপৰত আলোকপাত কৰি কয় যে জিলখনত অস্কিজেন আৰু আই চি ইউৰ লৈ সমস্যাৰ সৃষ্টি হোৱা নাই আৰু এই ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰা হৈছে।
## তেখেতে লগতে কয় যে আন্তঃ জিলা পৰিবহন আৰু কভিড টেষ্টৰ দিহা কৰা হব পৰিষ্ঠিতিৰ ওপৰত লক্ষ্য ৰাখি।
## জিলা খনৰ নতুনকৈ স্থাপন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় খনি সজ্জিত কৰি তোলা হৈছে কভিড চিকিৎসাৰ বাবে।
## সকলো সমস্যাৰ সৈতে মোকামিলা কৰিবলৈ জিলা প্ৰশাসন সষ্টম হৈ আছে বুলি মন্তব্য কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...