Saturday, 8 May 2021
কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব
গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্র মোডী য়ে সকলো জনসাধাৰণলৈ ক'ভিড ৰ বিধি মানি চলিবলৈ আহ্বান জনাইছে।
08 May, 2021
BREAKING NEWS
জিলাখনৰ কেতবোৰ ঠাইত বিবাহ অনুষ্ঠানত ক'ভিডৰ স্বাস্থ্য বিধি মানি নচলাটো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে। বিবাহ অনুষ্ঠানত ক'ভিড বিধি মানি নচলাৰ বাবেই জিলাখনৰ বিভিন্ন ঠাইত এতিয়ালৈকে দুশৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা সংকমিত হোবাটো উদ্বিগ্নতাৰ বিষয়। বিবাহৰ ক্ষেত্রত সৰ্বাধিক ২০ গৰাকী ব্যক্তিৰ উপস্থিতিত কেৱল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰক। বিবাহৰ আগতে বা পাছত কোনো অৰ্ভ্যথনা অনুষ্ঠানৰ আয়োজন নকৰিব। ধৰ্মীয় স্থানত একে সময়তে কেৱল ৫জন লোকহে সমবেত হওক। স্ব-চিকিৎসাৰ পৰা বিৰত থাকক। ক'ভিডৰ লক্ষণ দেখা পালেই চিকিৎসকৰ কাষ চাপক। ব্যক্তিগত চিকিৎসালয়তো ক'ভিডৰ চিকিৎসা কৰাব পাৰিব। গোলাঘাট জিলাত যোৱা সময়ছোৱাত চিকিৎসা অভাবৰ বাবে নহয়, চিকিৎসালয়লৈ বহু পলমকৈ অহাৰ বাবে কেইবাজনো ৰোগীৰ মৃত্যু হৈছে। ক'ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া ৰণুৱা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ ওপৰত আস্হা ৰাখক। তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। ক'ভিডৰ দ্ৰুত সংকমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে দিনে-নিশাই প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰত্যেকেই নিজৰ দায়িত্ব পালন কৰি এই যুঁজত অংশীদাৰ হওক। ক'ভিডৰ বিৰুদ্ধে এই অভিযানত আমি পৰস্পৰে পৰস্পৰৰ সহযোগী হওঁ আহক। ঐক্যবদ্ধভাৱেহে আমি এই যুঁজত সফল হ'ম।
গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্র মোডী য়ে সকলো জনসাধাৰণলৈ ক'ভিড ৰ বিধি মানি চলিবলৈ আহ্বান জনাইছে।
NORTHEAST NEWS INDIA
plasma দান কৰিলে কাৰোবাৰ জীৱন COVID19 পৰা ৰক্ষা কৰিব পাৰে।
অনলাইনযোগে নাম পঞ্জীয়ন কৰিবলৈ চাৰ্চ কৰক।
Friday, 7 May 2021
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...