Friday, 7 May 2021
COVID19 প্ৰটোকল আৰু উপযুক্ত আচৰণৰ ওপৰত নিৰ্দেশনা বোৰ এপাৰ্টমেণ্ট আৰু ভৱনত বাস কৰা লোকসকলে অনুসৰণ কৰিব লাগিব।
Thursday, 6 May 2021
BREAKING NEWS ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান
06 May, 2021
BREAKING NEWS
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈৰে পৰা গোলাঘাট নগৰৰ সুভাষ কলনীৰ সেৱা সদন, গোলাঘাট জিলা স্প'ৰ্টছ কম্প্লেক্স আৰু মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ নাহৰডঙা আদৰ্শ চিকিৎসালয়ত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
NEWS Desk Report
NORTHEAST NEWS INDIA
গোলাঘাট জিলাত দুটা কন্টেইনমেণ্ট জ'ন ঘোষণা
06 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৭০/২০২১
গোলাঘাট জিলাত দুটা কন্টেইনমেণ্ট জ'ন ঘোষণা
গোলাঘাট, ৬ মে' : ক’ভিড -19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত আজি দুটা কন্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । জিলাখনৰ বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে । কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে ৰাজগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, দক্ষিণে কাৰ্বি আংলং জিলাৰ দুৱাৰ বাগৰি মৌজা, পূবে বেহৰা চাহ বাগিচা আৰু পশ্চিমে লখৌজান গাঁও আৰু লখৌজান চাহ বাগিচাক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰকো কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । উত্তৰে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ১ নং গেট, দক্ষিণে বিটিচি তিনিআলিৰ সমীপৰ অসম আৰক্ষীৰ পুৰণা প্লেয়াৰ বেৰেক, পূবে কেন্দ্ৰৰ অধ্যক্ষৰ কাৰ্যালয় আৰু ফেমিলি লাইন কেম্পাছ আৰু পশ্চিমে ৰিক্ৰুইট ট্ৰেইনিং চেণ্টাৰ চাৰিআলিক কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
BREAKING NEWS গোলাঘাটত পুনৰ দুজনৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু। মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি।
06 May, 2021
BREAKING NEWS
গোলাঘাটত পুনৰ দুজনৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু। মৃতকৰ সংখ্যা ৭জনলৈ বৃদ্ধি।
গোলাঘাট জিলা ক'ভিড চিকিৎসালয়ত ক'ভিডত আক্ৰান্ত হৈ নিশা এজনৰ মৃত্যু হোৱা বিপৰীতে আজি পুৱা আন এজনৰ মৃত্যু হয়। উল্লেখ্য যে গোলাঘাট জিলা কাজিৰঙা দ গাঁৱৰ তোলন গগৈ নামৰ ৩৫ বছৰীয় লোকজন নিশা ১১.৫০ বজাত ক'ভিডত আক্ৰান্ত হোৱাত কভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও ১:৪৫ বজাত লোকজনৰ মৃত্যু হয়। আনহাতে আজি পুৱা গোলাঘাট লাইফ লাইন চিকিৎসালয় সমীপৰ নিবাসী ভৱেন্দ্ৰ শৰ্মা নামৰ লোকজন পুৱা কভিড চিকিৎসালয়ত মৃত্যু হয়। বৰ্তমান গোলাঘাটত কভিডত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে । ::
প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...