Wednesday, 5 May 2021
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ
05 May, 2021
BREAKING NEWS
প্ৰেছ বিজ্ঞপ্তি নং : ৬৮/২০২১
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ
গোলাঘাট, ৫ মে' : গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু যোগ্যতাবিহীন পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি আছে বুলি বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰা জিলা উপায়ুক্তৰ স্বাক্ষৰসম্বলিত এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে । অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ'লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Tuesday, 4 May 2021
জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।
04 May, 2021
*বগীনদীত মাক্স বিতৰণ* Date :- 4/5/21
## লখিমপুৰৰ বগীনদীত সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত মাক্স বিতৰণ ও কৰোণাৰ সজাগতা বৃদ্ধি ।
## জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।
## সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো দিনে দিনে বৃদ্ধি পাইছে কভিড ১৯ ৰ সংখ্যা ।
## সোমবাৰৰ সন্ধিয়া প্ৰয্যন্ত জিলাখনত কভিড পজিটিভৰ সংখ্যা হলগৈ ৬০২ জন ।
## লখিমপুৰত আজিও ৰাইজ কভিডক লৈ সজাগ নোহোৱা পৰিলক্ষিত হৈছে।
## একাংশ লোকে মুখত মাক্স পৰিধান নকৰাকৈয়ে ঘুৰি আছে।
## সেই সকলক সজাগ কৰি কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে লখিমপুৰৰ বগীনদী মঙ্গলবৰীয়া সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত মাক্স বিতৰণ কৰাৰ উপৰিও কৰোণাৰ সজাগতা বৃদ্ধি কৰে ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...