Sunday, 18 April 2021

সকলোকে কভিড ১৯ ৰ পটোকল মানি চলিবলৈ মূখ্যমন্ত্ৰীৰ আহ্বান।

 18 April, 2021


*মূখ্য মন্ত্ৰী লখিমপুৰ* Date :- 18/4/21


## সকলোকে কভিড ১৯ ৰ পটোকল মানি চলিবলৈ মূখ্যমন্ত্ৰীৰ আহ্বান।



## অসমত পুনৰ কভিড১৯ৰ সংক্ৰমণ বৃদ্ধিত সংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু ৰাইজ।


## দিনে দিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।


## বহুকেইজন মৃত্যু হৈছে এই ৰোগত।


## জটিলতাৰ সন্ধিক্ষণ অহাৰ আগতে ইয়াৰ লগত যুজঁ দিবলৈ কভিড১৯ক প্ৰতিহত কৰাৰ বাবে  নিয়মসমুহ মানি সামাজিক দুৰত্ব বজাই,মাস্ক পৰিধান কৰি,  বেছি লোকৰ সমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনাই অসমৰ মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালে।


## শনিবাৰে লখিমপুৰ জিলাৰ  নাৰায়ণপুৰত লখিমপুৰ আৰু ধেমাজীৰ উপায়ুক্ত সহ চৰকাৰী বিভাগৰ মুৰব্বী সকলৰ লগত কভিড১৯ৰ ওপৰত এখন পয্যালোচনা সভাত মিলিত হয়।


## নাৰায়নপুৰৰ দেউৰী স্বায়ত পৰিষদৰ অতিথিশালাত অনুস্থিত পয্যালোচনা সভাৰ পাছত সাংবাদিকৰ আগত মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালে কয় যে   সাধাৰণ জনতাৰ লগতে অসমৰ গায়ক শিল্পী সকলেও সকলো কভিড১৯ৰ পটকল মানি চলাৰ বাবে বিহু মঞ্চ সমুহত ৰাইজক সজাগতা কৰিবলৈ আৰু সাংবাদিক সকলকো প্ৰচাৰ কৰাৰ বাবে আহ্বান জনাই।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

 17 April, 2021


*Lakhimpur CM* Date :- 17/4/21


## লখিমপুৰত  মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোণোৱাল৷



## নিৰ্বাচনী কৰ্তব্যৰ বাবে লখিমপুৰৰ গৃহৰক্ষী বাহিনীৰ অৰ্ধশতাধিক জোৱান কঢ়িয়াই নিয়া ’প্ৰাণজিত’ নামৰ বাছখন ২৯  মাৰ্চত মেঘালয়ত দুৰ্ঘটনাত পতিত হৈ চালক পাপু ভূঞাৰ লগতে গৃহৰক্ষীৰ যোৱান হেমকান্ত গগৈ মৃত্যু হৈছিল।


## লখিমপুৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান লৈ কাছাৰ জিলা অভিমুখে গৈছিল যাত্ৰীবাহী নৈশবাছখন ৷


## এটা কেঁকুৰী পাৰ হোৱা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৯০ ফুট তলত পৰি দুর্ঘটনাগ্ৰস্ত হৈছিল বাছ খন।


## দুৰ্ঘটনাটোত মৃত্যু হোৱা বাছখনৰ চালক জন নাৰায়নপুৰৰ পাপু ভূঞাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হোৱাৰ পিছতে লখিমপুৰ বৰচৰীয়া গাঁৱৰ গৃহৰক্ষী জোৱান হেমকান্ত গগৈৰ গৃহত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ হেমকান্ত গৈগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ 


## মুখ্যমন্ত্ৰী গৰাকীয়ে গগৈয় পৰিয়ালটোৰ দ্বায়িত্ব লোৱাৰ লগতে চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷



## মুখ্যমন্ত্ৰীগৰাকীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে স্থানীয় বিজেপি প্ৰাৰ্থী মানৱ ডেকা উপস্থিত থাকে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

18 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 17/04/2021.

NORTHEAST NEWS INDIA

ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে

18 April, 2021

#ATTENTION...!!!

ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে #Covid ধনাত্মক ৰোগী। যিকোনো #Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে #eSanjeevani অ'পিডি এপৰ জৰিয়তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়- পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ (সকলো দিন)। 

Assam Fights Corona

Covid Update Assam

18 April, 2021

Covid Update Assam 

সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ বাবে-
#Remdesivir বিপিএল কোভিড ৰোগীসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব।
অনা-বিপিএল কোভিড ৰোগীৰ বাবে ৰেমডেচিভিৰৰ ব্যয় ৰোগী/পৰিচাৰকে বহন কৰিব। 

Assam Fights Corona

ক’ভিড-১৯ আশংকা মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু ৷

 18 April, 2021


ৰঙালীৰ আনন্দৰ উখল-মাখল পৰিৱেশ ৰাজ্যত ৷ ক’ভিড-১৯ আশংকা মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু ৷



এইবাৰ গোলাঘাট নতুন আমোলাপট্টিৰ কণকণ শিশুহঁতে এটি হুচৰি দল গঠন কৰি গৃহস্থৰ চোতালত হুচৰি গাই বহাগ বিহুত গৃহস্থৰ মঙ্গলাৰ্থে আৰ্শীবাদ প্ৰদান কৰিছে ৷ 


গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰ জিলা নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

 17 April, 2021


*নাৰায়ণপুত পথ দুৰ্ঘটনা* Date :- 17/4/21


## লখিমপুৰ জিলা নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।



## দুৰ্ঘটনা ফলত নিহত ২ জন আৰু আহত ৩৫ জন লোক।


## নাৰায়ণপুৰৰ শিমলুগুৰিত নবনিৰ্মিত চেঁচা দলঙত শুক্ৰবাৰে বিয়লি ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।


## হুচৰি গাবলৈ যোৱা এখন টেক্টৰ বাগৰিপৰি দুজন নিহত হোৱাৰ লগতে আহত হয় ৩৫ জনকৈ লোক।


## ইয়াৰে ৬ জন লোকৰ অৱস্থা অতি সংকটজনক।


## নিহত পুংখা বসুমতাৰী(২২),কনকলাল নাৰ্জাৰী(১৫)

দুয়োজনৰে ঘৰ ২ নং বিক্ৰমপুৰত। 


## আহত সকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু  লখিমপুৰ অসামৰিক চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...