Saturday, 10 April 2021

ৰঙালী উৎসৱ ও বাণিজ্য মেলা

 10 April, 2021


ৰঙালী উৎসৱ ও বাণিজ্য মেলা



গোলাঘাট সমন্বয় ক্ষেএত শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত ৪ ৰ পৰা ১৯ এপ্ৰিল ২০২১ তাৰিখলৈকে  বিভিন্ন কাৰ্য্যসূচীৰে ৰঙালী উৎসৱ ও বাণিজ্য মেলা অনুষ্ঠিত হৈছে। জনসাধাৰণৰ উপস্থিতি দেখা পোৱা গৈছে। আগন্তক দিন কেইটাত ৰাইজৰ আৰু সমাগম হব বুলি উদোক্তা সকলে আশা ব্যক্ত কৰিছে। 

 

গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতিৰ প্ৰতিবেদন নৰ্থইষ্ট নিউজ ইণ্ডিয়া

এজোপা বৰগছ

 10 April, 2021


এজোপা বৰগছ 



গোলাঘাট চহৰৰ ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱথানৰ ওচৰত এজোপা বৰগছ আৰু  জৰীগছ জোপাত প্ৰতিবছৰে বাহ লয় বৰমৌ জাকে এই বাৰো ইয়াত শতাধিক বাঁহ সাজিছে বৰমৌ জাকে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

অসমলৈ আগমন কুলী কেটেকীৰ


 10 April, 2021


অসমলৈ আগমন কুলী কেটেকীৰ


এতিয়া আৰম্ভণি হৈছে বসন্তকাল ৷ অসমীয়াৰ জাতীয়জীৱনৰ আয়ুসৰেখা বহাগবিহু আহি পালেহি ৷ ডেকা গাভৰু শিশুহতো ব্যস্তহৈ পৰিছে মৰমৰ ৰঙালী বিহুটিক আদৰিবলৈ ৷ চ’তৰ শেষত লঠঙা বিৰিখৰো কুহিপাত আহিছে ৷ বসন্তৰ বতৰা লৈ আহিল মৰমৰ কুলি জনীও ৷ পিছে ক’ৰপৰা কিয় অসমলৈ আগমন কুলী কেটেকীৰ ৷ চাও আহক আমাৰ গোলাঘাটৰ সাংবাদিক প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন ৷ ::: 


প্ৰকাশ শৰ্মা গোলাঘাট 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

10 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 09/04/2021.

NORTHEAST NEWS INDIA

Friday, 9 April 2021

অসমত এক সুষ্ঠ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবৰ সময় হল ৷

 09 April, 2021


*অৰণ্য মানব যাদৱ পায়েঙ লখিমপুৰ* Date :- 9/4/21


## গছ থাকিলেহে মানুহ থাকিব ৷


## অসমত এক সুষ্ঠ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবৰ সময় হল ৷



## অসমৰ ৩ কোটি ২০ লাখ জনতাই গছ পুলি ৰোপন কৰি পৃথিবীখনক সেউজীয়া কৰি গঢ়ি তোলাৰ আহ্বান অৰন্য মানৱ পদ্মশ্ৰী সর্ন্মান পাপক যাদৱ পায়েঙৰ ৷


## আজি লখিমপুৰ জিলাৰ  নাওঁবৈছা ৰাজহ চক্ৰৰ অধীনৰ সোৱনশিৰি নদীৰ পাৰৰ পকনীয়া ঘাটত অনুস্থিত কৰা বৃক্ষৰোপন কার্য্য-সূচী এটা অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত প্ৰকৃতি প্ৰেমীজনে তেখেতৰ সেউজীয়াকৰণৰ কৰি প্ৰতিজন ব্যক্তিক গছ পুলি ৰোপনৰ আহ্বান জনায়৷


## ইন্দো গ্লবেল চচিয়েল চাৰভিচ ছচাইটি নামৰ বেচৰকাৰী অনুষ্ঠান এটাই লখিমপুৰ জিলাৰ           অনুস্থিত কৰা গছপুলি ৰোপণ অনুস্থানত বিশেষ অতিথি হিছাপে অংশ গহণ কৰি গছ পুলি ৰুই অনুস্থানৰ শুভাৰম্ভ কৰে।


## এই গছপুলি ৰোপণ অনুস্থানলৈ চৰকাৰী বন বিভাগৰ দ্বাৰা ১০০০ জোপা গছ পুলি যোগান ধৰা হয় ৷


## অনুস্থানত ইন্দো গ্লবেল চচিয়েল চাৰভিচ ছচাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়া  উপস্থিত থাকে।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

09 April, 2021 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ

09 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৩/২০২১

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ

গোলাঘাট, ৯ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে । বন বিভাগ আৰু IFAW-WTI এ তিনিটা পৃথক স্থানৰ পৰা গড় পোৱালিকেইটা উদ্ধাৰ কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা গড় পোৱালিকেইটা আজি মানাহলৈ প্ৰেৰণ কৰা হয় ।  উল্লেখযোগ্য যে ২০১৯ চনৰ জুলাই-আগষ্ট মাহৰ বানপানীৰ সময়ত বিশ্বনাথৰ হাতিমুৰা আৰু কুথুৰীৰ পৰা দুজনী গঁড়ৰ পোৱালি আৰু শ'লমাৰাৰ পৰা এটা মতা গড়ৰ পোৱালি উদ্ধাৰ কৰা হৈছিল । IFAW-WTI ৰ বিশেষজ্ঞ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত গড় পোৱালীকেইটা কঢ়িয়াই নিয়া চিকিৎসকৰ দলটোত আছে ডাঃ চামছুল আলী, ডাঃ দাওহাৰো বড়ো আৰু ডাঃ বিশ্বজিৎ বৰুৱা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে যোৱা দুবছৰ ধৰি গঁড়ৰ পোৱালীকেইটাক ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালন কৰি ৰখা হৈছিল । গড় পোৱালিকেইটাৰ খড়্গ ওলাবলৈ ধৰাৰ এই সময়খিনিয়ে পুনৰ সংস্থাপনৰ বাবে উৎকৃষ্ট সময় বুলি তেওঁ উল্লেখ কৰে । কাইলৈ নিচেই পুৱা মানাহত উপস্থিত হ'বলগীয়া দলটোৱে গড় পোৱালিকেইটাক স্বাস্থ্য পৰীক্ষা কৰি এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰীক্ষণত ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

09 April, 2021Covid Update Assam SoP for Upcoming Festivals in Assam. NORTHEAST NEWS INDIA

09 April, 2021

Covid Update Assam 

SoP for Upcoming Festivals in Assam.

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...