Thursday, 24 December 2020

24 December, 2020 *football tournament Lakhimpur* Date :- 24/12/2020 ## লখিমপুৰ জিলাৰ নকাৰী ক্লাবৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি বুধবাৰে অসম বিদুৎ পৰিষদ গুৱাহাতী আৰু অসম পুলিচ গুৱাহাতী মাজত অনুস্থিত হয়। ## এই ফুটবল প্ৰতিযোগিতা খনি লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আনুষ্ঠিত হয়। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বি জে পিৰ কাৰ্য্যবাহী সদস্য মানৱ ডেকা, জিলা উপায়ুক্তৰ জীৱন বি, আৰক্ষী অধীক্ষক লংনিট তেৰাঙৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে। ## চুৰান্ত খেল খনত প্ৰথমে অসম পুলিচে বিদ্যোৎ পৰিষদক ১ গ'ল দিয়ে যদিও পৰৱতী সময়ত খেলখন ড্ৰ হয়। ## পাছত ট্ৰাই বেকা পদ্ধতিৰে ৪/২ গ'লত অসম পুলিচক পৰাস্ত কৰি অসম বিদুৎ পৰিষদ গুৱাহাতীয়ে পৰাজয় কৰি বিজয়ী খিতাপ লাভ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 December, 2020


*football tournament Lakhimpur* Date :- 24/12/2020


## লখিমপুৰ জিলাৰ নকাৰী ক্লাবৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি বুধবাৰে অসম বিদুৎ পৰিষদ গুৱাহাতী আৰু অসম পুলিচ গুৱাহাতী মাজত অনুস্থিত হয়।


## এই ফুটবল প্ৰতিযোগিতা খনি লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আনুষ্ঠিত হয়।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰা  এই প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বি জে পিৰ কাৰ্য্যবাহী সদস্য মানৱ ডেকা, জিলা উপায়ুক্তৰ জীৱন বি, আৰক্ষী অধীক্ষক লংনিট তেৰাঙৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে।


## চুৰান্ত খেল খনত প্ৰথমে অসম পুলিচে বিদ্যোৎ পৰিষদক ১ গ'ল দিয়ে যদিও পৰৱতী সময়ত খেলখন ড্ৰ হয়।


## পাছত ট্ৰাই বেকা পদ্ধতিৰে ৪/২ গ'লত অসম পুলিচক পৰাস্ত কৰি অসম বিদুৎ পৰিষদ গুৱাহাতীয়ে পৰাজয় কৰি বিজয়ী খিতাপ লাভ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 December, 2020 নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত গোলাঘাট ফৰকাটিংত উত্তাল প্ৰতিবাদ l গোলাঘাট ফৰকাটিং মহাবিদ্যালয়ৰ সমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l বি জে পি চৰকাৰ গ বেক,নৰেন্দ্ৰ মোদী হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল লাজ নাই আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l অতি শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে : গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 24 December, 2020


নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে  কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ  দাবীত গোলাঘাট ফৰকাটিংত উত্তাল প্ৰতিবাদ l গোলাঘাট ফৰকাটিং মহাবিদ্যালয়ৰ সমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l বি জে পি চৰকাৰ গ বেক,নৰেন্দ্ৰ মোদী হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল লাজ নাই আদি চৰকাৰ বিৰোধী  বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l অতি শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে  ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে :


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Wednesday, 23 December 2020

23 December, 2020 হাতী মানুহৰ সংঘাতে এতিয়া জোলোকা জোলোকে পানী খুৱাইছে গঞা ৰাইজক।পথাৰৰ সোণালী ধানৰ মলমলনিয়ে মতলীয়া কৰিছিল ভোকাতুৰ বণ্য হস্তী জাকক ৷ ধানচপোৱাৰ পাছত এতিয়া খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত তালাচী চলাইছে মানুহৰ ধানৰ ভড়াল ;ঘৰ দুৱাৰ।যোৱা নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ মাজৰ পৰা ওলাই আহি এটা হাতীয়ে থুৰামুখ অঞ্চলৰ শেৱালি গা-ধুৱাৰ ঘৰৰ ক্ষতিসাধন কৰে।ইয়াৰোপৰি দাদুল গগৈৰ ভঁৰাল ঘৰ,সৌৰভ গগৈৰ ধাবা আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল খাবৰ বাবে থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ দুৱাৰ, খিৰিকী ভাঙি ক্ষতিসাধন কৰে। :: গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


 23 December, 2020


হাতী মানুহৰ সংঘাতে এতিয়া জোলোকা জোলোকে পানী খুৱাইছে গঞা ৰাইজক।পথাৰৰ সোণালী ধানৰ মলমলনিয়ে মতলীয়া কৰিছিল ভোকাতুৰ বণ্য হস্তী জাকক ৷ ধানচপোৱাৰ পাছত এতিয়া খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত তালাচী চলাইছে  মানুহৰ  ধানৰ ভড়াল ;ঘৰ দুৱাৰ।যোৱা নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ মাজৰ পৰা ওলাই আহি এটা হাতীয়ে থুৰামুখ অঞ্চলৰ শেৱালি গা-ধুৱাৰ ঘৰৰ ক্ষতিসাধন কৰে।ইয়াৰোপৰি দাদুল গগৈৰ ভঁৰাল ঘৰ,সৌৰভ গগৈৰ ধাবা আৰু  বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল খাবৰ বাবে থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ দুৱাৰ, খিৰিকী

 ভাঙি ক্ষতিসাধন কৰে। ::


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

Tuesday, 22 December 2020

22 December, 2020 *লখিমপুৰ প্ৰশিক্ষণ* Date :- 22/12/2020 ## পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তিনিদিনিয়া এক প্ৰশিক্ষন শিবিৰৰ আজি শুভাৰাম্ভ কৰা হয়। ## লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজিৰে পৰা তিনিদিনিয়াকৈ মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত ধেমাজি জিলাৰ পশু সখী প্ৰায় ২৩ গৰাকী লোকে পশু কৰ্মশলাত প্ৰশিক্ষণ গ্ৰহণ কৰে। ## বৈজ্ঞানিক পদ্ধতিৰে পশুধন কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে বিতং ভাবে প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে। ## এই কৰ্ম্মশালাখনি শুভ উদ্ধোধন কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডা° উমা ৰাম তামুলীয়ে। ## গো পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সহকাৰী অধ্যাপক ডা° কৰুণা শইকীয়াই। ## এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা° কন্দৰ্প বৰুবা, ডা° আচিচ শইকীয়া, ডা° সিদ্ধাৰ্থ পাঠক, ডা° দীপ জ্যুতি মহন্ত, ডা° চানা থয় খুমন, ডা° বিজু বৰা, ডা° নয়ন জ্যোতি পাথক, ডা°আদিত্য বৰুৱা, ডা° গোনজিত দাস, ডা° অৰুণোদয় দাস, ডা° দিপান্দীতা বৰমন,ডা° মনোজ কুমাৰ কলিতা আৰু ডা° বিৰাজ শৰ্মাই। ## কেনেকৈ ব্যৱসায়ীক ভিক্তিত পশু পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশিক্ষক সকলে এই বিষয়ে অৱগত কৰোৱাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 December, 2020


*লখিমপুৰ প্ৰশিক্ষণ* Date :- 22/12/2020


## পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তিনিদিনিয়া এক প্ৰশিক্ষন শিবিৰৰ আজি শুভাৰাম্ভ কৰা হয়।


## লখিমপুৰ পশু চিকিৎসা  বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজিৰে পৰা তিনিদিনিয়াকৈ  মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত ধেমাজি জিলাৰ পশু সখী প্ৰায় ২৩ গৰাকী লোকে পশু কৰ্মশলাত প্ৰশিক্ষণ গ্ৰহণ কৰে।


## বৈজ্ঞানিক পদ্ধতিৰে পশুধন কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে বিতং ভাবে প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে।


## এই কৰ্ম্মশালাখনি শুভ উদ্ধোধন কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডা° উমা ৰাম তামুলীয়ে।


## গো পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সহকাৰী অধ্যাপক ডা° কৰুণা শইকীয়াই।


## এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা° কন্দৰ্প বৰুবা, ডা° আচিচ শইকীয়া, ডা° সিদ্ধাৰ্থ পাঠক, ডা° দীপ জ্যুতি মহন্ত, ডা° চানা থয় খুমন, ডা° বিজু বৰা, ডা° নয়ন জ্যোতি পাথক, ডা°আদিত্য বৰুৱা, ডা° গোনজিত দাস, ডা° অৰুণোদয় দাস, ডা° দিপান্দীতা বৰমন,ডা° মনোজ কুমাৰ কলিতা আৰু ডা° বিৰাজ শৰ্মাই।


## কেনেকৈ ব্যৱসায়ীক ভিক্তিত পশু পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশিক্ষক সকলে এই বিষয়ে অৱগত কৰোৱাই।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


22 December, 2020 পানী ৷ নীলাপানী ; সেউজিয়াপানী অদৃশ্য পানী ৷ বিশ্বৰ চৌদিশে জলসংকট ৷ পানীক লৈ মহাযুদ্ধ ৷ পানীক লৈ হবনেকী বিশ্বযুদ্ধ ৷ পানী জীৱৰ প্ৰাণ ৷ পানীৰ বাবেই সমগ্ৰ বিশ্ববাসীয়ে হাহাকাৰ কৰাৰ সময়তে গোলাঘাট জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকমান্যতাৰ বাবেই গেলাপানী যোৱা দুটা জানত দৈনিক বৈ গৈছে হেজাৰ হেজাৰ লিটাৰ পানী ৷ গোলাঘাটৰ জি এফ ৰোডৰ ৰেলে লেভেল ক্ৰচিংৰ ওচৰৰ এইডাল পানীৰ পাইপত ফুটাওলোৱাত প্ৰায় তিনিবছৰ ধৰি অহৰহ পানীগৈ নষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত বিভাগৰ নিদ্ৰা ভংগ হয় ৷ পানীৰ পাইপৰ ফুটাও বন্ধ কৰিলে যদিও দুদিনমানৰ পিছতে আকৌ এটা ফুটা ওলালে ৷ এটা গাড়ী ভালকৰা গেৰেজৰ ওচৰত থকা পাইপদালত বাৰেপতি ফুটা ওলোৱা সন্দৰ্ভত গেৰেজৰ কৰ্মচাৰীক প্ৰশ্ন কৰা হৈছিল যদিও ৰহস্যজনক ভাবে কোনেও মুখ খুলিব নোখোজে ৷ আনহাতে এই ঠাইৰ পৰা কিছূ দূৰৈত ৰেললাইনৰ এটা পুলৰ তলেদি অহা একেডাল বিয়াগোম পাইপৰ দুটাকৈ ফুটাৰে ১৫ বছৰো অধিক কাল অহৰহ পানী নষ্ট হৈয়েই আছে ৷ বাগিছা নগৰৰ এই এলেকাত টিউৱেল বহালেও পানী নোলায় সেয়েহে এই পানী ওলোৱা ফুটাটো ৰাইজৰ বাবে আৰ্শীবাদহে হৈছে ৷এই ঠাইৰ পানীনষ্ট হোৱাটো কমাবৰ বাবে ৰাইজে পাইপত পলিঠিন বান্ধি লৈছে ৷ তথাপিও ব্যাপক ভাবে জল নষ্ট হোৱাত ৰাইজে ইয়াত এটা পানীৰ টেপ লগাই দিবলৈ আহ্বান জনাইছে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 22 December, 2020


পানী ৷ নীলাপানী ; সেউজিয়াপানী অদৃশ্য পানী ৷ বিশ্বৰ চৌদিশে জলসংকট ৷ পানীক লৈ মহাযুদ্ধ ৷ পানীক লৈ হবনেকী বিশ্বযুদ্ধ ৷ পানী জীৱৰ প্ৰাণ ৷ পানীৰ বাবেই সমগ্ৰ বিশ্ববাসীয়ে হাহাকাৰ কৰাৰ সময়তে গোলাঘাট জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকমান্যতাৰ বাবেই গেলাপানী যোৱা দুটা জানত দৈনিক বৈ গৈছে হেজাৰ হেজাৰ লিটাৰ পানী ৷ গোলাঘাটৰ জি এফ ৰোডৰ ৰেলে লেভেল ক্ৰচিংৰ ওচৰৰ এইডাল পানীৰ পাইপত ফুটাওলোৱাত প্ৰায় তিনিবছৰ ধৰি অহৰহ পানীগৈ নষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত বিভাগৰ নিদ্ৰা ভংগ হয় ৷ পানীৰ পাইপৰ ফুটাও বন্ধ কৰিলে যদিও দুদিনমানৰ পিছতে আকৌ এটা ফুটা ওলালে ৷ এটা গাড়ী ভালকৰা গেৰেজৰ ওচৰত থকা পাইপদালত বাৰেপতি ফুটা ওলোৱা সন্দৰ্ভত গেৰেজৰ কৰ্মচাৰীক প্ৰশ্ন কৰা হৈছিল যদিও ৰহস্যজনক ভাবে কোনেও মুখ খুলিব নোখোজে ৷

আনহাতে এই ঠাইৰ পৰা কিছূ দূৰৈত ৰেললাইনৰ এটা পুলৰ তলেদি অহা একেডাল বিয়াগোম পাইপৰ দুটাকৈ ফুটাৰে ১৫ বছৰো অধিক কাল অহৰহ পানী নষ্ট হৈয়েই আছে ৷ বাগিছা নগৰৰ এই এলেকাত টিউৱেল বহালেও পানী নোলায় সেয়েহে এই পানী ওলোৱা ফুটাটো ৰাইজৰ বাবে আৰ্শীবাদহে হৈছে ৷এই ঠাইৰ পানীনষ্ট হোৱাটো কমাবৰ বাবে ৰাইজে পাইপত পলিঠিন বান্ধি লৈছে ৷ তথাপিও ব্যাপক ভাবে জল নষ্ট হোৱাত ৰাইজে ইয়াত এটা পানীৰ টেপ লগাই দিবলৈ আহ্বান জনাইছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Monday, 21 December 2020

21 December, 2020 গোলাঘাট একেতা এলেকাতে বাৰেপতি অগ্নিকাণ্ড ২১ডিচেম্বৰ গোলাঘাট চহৰৰ মাজমজিয়াৰ পুৰণা জেইল ৰোডৰ পাচলি বজাৰৰ ওপৰ মহলাৰ ছয়টা কাপোৰৰ গুডামত যোৱানিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় চাৰিবজাত কাষৰ এটা গুডামত অগ্নিকাণ্ড সংঘটিত হয় ৷ তিনিজন লোকৰ মালিকাধীন এই কাপোৰৰ গুডামত জুলগাৰ পিছত যোৱানিশা পাঁচখন গাভীৰে বহুসময়ধৰি অপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰে ৷ জুইৰ লেলিহান শিখাৰ কবলত ৬ টা কাপোৰৰ গুদাম ধৱংসৰ পিছত একে লাইনতে থকা আন এটা কাপোৰৰ গুডাম চাটাৰ মাৰি ৰখা হৈছিল আৰু কালিৰ জুই স্ফুলিঙ্গ থাকি যোৱাত আজি সেই গুদামতো জুই লগাত পুণৰ হাহাকাৰ লাগে ৷ উল্লেখ্যযে এই কেওটা গুডামত যোৱাবছৰ জানুৱাৰী মাহতো জুই লাগিছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ কাপোৰ জাহগল ৷ অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই ৷ আৰু ৰাইজে এই অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 21 December, 2020


গোলাঘাট একেতা এলেকাতে বাৰেপতি অগ্নিকাণ্ড ২১ডিচেম্বৰ 


 গোলাঘাট চহৰৰ মাজমজিয়াৰ পুৰণা জেইল ৰোডৰ পাচলি বজাৰৰ ওপৰ মহলাৰ ছয়টা কাপোৰৰ গুডামত যোৱানিশা  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় চাৰিবজাত কাষৰ এটা গুডামত অগ্নিকাণ্ড সংঘটিত হয় ৷ তিনিজন লোকৰ মালিকাধীন এই কাপোৰৰ গুডামত জুলগাৰ পিছত যোৱানিশা পাঁচখন গাভীৰে বহুসময়ধৰি অপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰে ৷  জুইৰ লেলিহান শিখাৰ কবলত ৬ টা কাপোৰৰ গুদাম ধৱংসৰ পিছত একে লাইনতে থকা আন এটা কাপোৰৰ গুডাম চাটাৰ মাৰি ৰখা হৈছিল আৰু কালিৰ জুই স্ফুলিঙ্গ থাকি যোৱাত আজি সেই গুদামতো জুই লগাত পুণৰ হাহাকাৰ লাগে ৷ উল্লেখ্যযে এই কেওটা গুডামত যোৱাবছৰ জানুৱাৰী মাহতো জুই লাগিছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ কাপোৰ জাহগল  ৷ অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই ৷  আৰু ৰাইজে এই অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Sunday, 20 December 2020

20 December, 2020 গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 20 December, 2020


গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে  বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে  মুক্ত বিচৰণৰ ফলত  আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷

:: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ  ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India