Monday, 31 August 2020

31 August, 2020 গোলাঘাট টাইগাৰ গোলাঘাটত যোবানিশা নিশা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ। গোলাঘাটৰ 2 নং আঠাবাৰীত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো। অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। শেহতীয়াকৈ এটা কুকুৰ ভক্ষণ কৰিছিল । :::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট NORTHEAST NEWS INDIA

 31 August, 2020


গোলাঘাট টাইগাৰ 


গোলাঘাটত যোবানিশা নিশা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ। গোলাঘাটৰ 2 নং আঠাবাৰীত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো।  অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। শেহতীয়াকৈ এটা কুকুৰ ভক্ষণ কৰিছিল  । :::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট

NORTHEAST NEWS INDIA


Sunday, 30 August 2020

30 August, 2020Covid19 Assam and actions taken as on 29/08/2020

30 August, 2020

Covid19 Assam and actions taken as on 29/08/2020

30 August, 2020গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নতুন নীতি-নিৰ্দেশনা জাৰি আনলক ৪ এ কন্টেইনমেন্ট জ’নৰ বাহিৰত অধিক কাম-কাজ প্ৰশস্ত কৰিব৩০ ছেপ্টেম্বৰ, ২০২০ লৈকে কন্টেইনমেন্ট জ’নত কঠোৰ লকডাউন বলবৎ কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ এলেকাসমূহত অধিক কাম-কাজ প্ৰশস্ত কৰি গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (এমএইচএ)এ আজি নতুন নীতি-নিৰ্দেশনা জাৰি কৰিলে। ১ ছেপ্টেম্বৰ, ২০২০ ৰ পৰা কাৰ্যকৰী হ’বলগীয়া আনলক ৪ ত, কাম-কাজৰ পৰ্যায়ক্ৰমিক পুনৰ-মুকলি সম্প্ৰসাৰণ কৰা হৈছে। যোৱা কালি জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনা খনি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ পৰা লাভ কৰা মতামত আৰু সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু বিভাগ সমূহৰে অনুষ্ঠিত বিস্তৃত আলোচনা মৰ্মে প্ৰস্তুত কৰা হৈছে। নতুন নীতি-নিৰ্দেশনাখনিৰ মূল বৈশিষ্ট্যগৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে আলোচনা মৰ্মে ৭ ছেপ্টেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয় (MOHUA)/ ৰেল মন্ত্ৰণালয় (MOR)ৰ দ্বাৰা পৰ্যায়ক্ৰমে মেট্ৰ’ ৰেল চলাবলৈ অনুমতি প্ৰদান কৰা হ’ব। এই সংক্ৰান্তত, এমঅ’এইচইউএ এ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (SOP) জাৰি কৰিব।২১ ছেপ্টেম্বৰ, ২০২০ ৰপৰা কাৰ্যকৰী হোৱাকৈ ১০০ জন লোকৰ সৰ্বাধিক সীমাৰে সামাজিক/শৈক্ষিক/ক্ৰীড়া/মনোৰঞ্জন/সাংস্কৃতিক/ধৰ্মীয়/ৰাজনৈতিক অনুষ্ঠান আৰু আন সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ’ব। অৱশ্যে, বাধ্যতামূলকভাৱে ফেচ মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখা, থাৰ্মেল স্কেনিং আৰু হেণ্ড ৱাছ বা চেনিটাইজাৰৰ ব্যৱস্থাৰ জৰিয়তেহে এনে সীমিত সমাবেশ অনুষ্ঠিত কৰিব পাৰিব।২১ ছেপ্টেম্বৰ, ২০২০ ৰপৰা কাৰ্যকৰী হোৱাকৈ মুকলি মঞ্চ (Open air theatres) সমূহ খুলিবলৈ অনুমতি দিয়া হ’ব।ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে বিস্তৃত আলোচনাৰ পাছত, ৩০ ছেপ্টেম্বৰ, ২০২০ লৈকে ছাত্ৰ-ছাত্ৰী আৰু নিয়মীয়া শ্ৰেণীৰ কাম-কাজৰ অৰ্থে বিদ্যালয়, মহাবিদ্যালয়, শৈক্ষিক আৰু ক’ছিং প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনলাইন/দূৰ শিক্ষা চলাই যাবলৈ অনুমতি দিয়া হৈছে আৰু ইয়াক উৎসাহিত কৰা হ’ব। অৱশ্যে, অনুমতি প্ৰদান কৰা নিম্ন উল্লেখিতসমূহ, কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰতহে মাথোন প্ৰযোজ্য, ২১ ছেপ্টেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ ইয়াৰ বাবে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)এ এছঅ’পি জাৰি কৰিবঃৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এটা নিৰ্দিষ্ট সময়ত অনলাইন পাঠদান/টেলি-কাউন্সেলিং আৰু সম্পৰ্কীয় কামৰ অৰ্থে বিদ্যালয়লৈ আহিবলৈ ৫০% পৰ্যন্ত টিছিং আৰু নন-টিছিং ষ্টাফক অনুমতি দিব পাৰে।মাথো কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ অঞ্চলত, ৯ ম ৰপৰা ১২ শ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষাগুৰুৰপৰা উপদেশ গ্ৰহণৰ অৰ্থে, ইচ্ছাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বিদ্যালয়লৈ আহিবলৈ অনুমতি দিব পাৰে। ইয়াৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃ/অভিভাৱকৰ লিখিত অনুমতিৰ প্ৰয়োজন হ’ব।ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম বা ৰাজ্যিক দক্ষতা বিকাশ অভিযান বা ভাৰত চৰকাৰৰ আন মন্ত্ৰণালয় বা ৰাজ্য চৰকাৰসমূহৰ পঞ্জীয়নভুক্ত ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI), হস্ৰ ম্যাদী প্ৰশিক্ষণ কেন্দ্ৰসমূহত দক্ষতা বা উদ্যোগশীলতা প্ৰশিক্ষণৰ অনুমতি দিয়া হ’ব।নেশ্যনেল ইনষ্টিটিউট ফৰ এন্ট্ৰাপ্ৰিনিয়াৰশ্বীপ এণ্ড স্মল বিজনেছ ডেভলপমেন্ট (NIESBUD), ভাৰতীয় উদ্যোগশীলতা প্ৰতিষ্ঠান (IIE) আৰু এইসমূহৰ প্ৰশিক্ষণ প্ৰদানকাৰীসকলকো অনুমতি প্ৰদান কৰা হৈছে।উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ মাথো পৰীক্ষাগাৰ/পৰীক্ষামূলক কামৰ প্ৰয়োজন হোৱা কাৰিকৰী আৰু বৃত্তিগত পাঠ্যক্ৰমৰ স্নাত-কোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাকাৰী (Ph.D.)সকলৰ বাবেহে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ক’ভিড-১৯ জনিত ঘটনাৰ ওপৰত দৃষ্টি ৰাখি আৰু পৰিস্থিতিৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি, গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে আলোচনা মৰ্মে উচ্চ শিক্ষা বিভাগ (DHE)এ ইয়াৰ অনুমতি প্ৰদান কৰিব।কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত, তলত উল্লেখ কৰা সমূহৰ বাহিৰে, সকলো কাম-কাজত অনুমতি দিয়া হ’বঃ চিত্ৰ গৃহ, ছুইমিং পুল, প্ৰমোদ উদ্যান, থিয়েটাৰ (অ’পেন এয়াৰ থিয়েটাৰক এৰি) আৰু সমজাতীয় স্থানসমূহ।গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অনুমতিৰ বাহিৰে যাত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ।৩০ ছেপ্টেম্বৰ, ২০২০ পৰ্যন্ত কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে লকডাউন বলবৎ হৈ থাকিব।সংক্ৰমণৰ শৃংখল ফলপ্ৰসূতাৰে ছিঙি পেলোৱাৰ উদ্দেশ্যৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)ৰ নীতি-নিৰ্দেশনাখনিৰ বিবেচনা কৰাৰ পাছত তৃণমূল পৰ্যায়ত জিলা কৰ্তৃপক্ষৰদ্বাৰা কন্টেইনমেন্ট জ’নসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব আৰু মাথো নিত্য-ব্যৱহাৰ্য কাম-কাজতহে অনুমতি দিয়া হ’ব।কন্টেইনমেন্ট জ’নসমূহৰ ভিতৰত, কঠোৰ সীমা নিয়ন্ত্ৰণ (strict perimeter control) মানি চলিব লাগিব আৰু মাথো এৰাব নোৱাৰা কাম-কাজতহে অনুমতি দিয়া হৈছে। এই কন্টেইনমেন্ট জ’নসমূহক সংশ্লিষ্ট জিলা কালেক্টৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৱেবচাইটত প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ তথ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)কো দাখিল কৰিব লাগিব।কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্যই কোনো ধৰণৰ স্থানীয় লকডাউন বলবৎ কৰিব নোৱাৰিবকেন্দ্ৰীয় চৰকাৰখনৰ সৈতে পূৰ্বে আলোচনা নকৰাকৈ, কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কোনো ধৰণৰ স্থানীয় লকডাউন (ৰাজ্য/জিলা/মহকুমা/মহানগৰ/গাঁও পৰ্যায়ত) বলবৎ কৰিব নোৱাৰিব। আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচলত বাধা নাইব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজনীয়তা নাথাকিব।ক’ভিড-১৯ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশিকা (Directives)সামাজিক দূৰত্ব সুনিশ্চিতকৰণৰ লক্ষ্যৰে, সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশনা পালন বাহাল থাকিব। দোকান-পোহাৰসমূহে গ্ৰাহকসকলৰ মাজত যথোপযুক্ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)এ ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ ফলপ্ৰসূ ৰূপায়ণ নিৰীক্ষণ কৰিব।আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক (vulnerable persons)ৰ অৰ্থে সুৰক্ষাআক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক যথাঃ ৬৫ বছৰ বয়সৰ উৰ্ধ লোক, আন ৰোগত আক্ৰান্ত হৈ থকা লোক, গৰ্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ অনূৰ্ধ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা আৰু চিকিৎসা সম্পৰ্কীয় কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰি অহা হৈছে।

30 August, 2020

গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নতুন নীতি-নিৰ্দেশনা জাৰি 

আনলক ৪ এ কন্টেইনমেন্ট জ’নৰ বাহিৰত অধিক কাম-কাজ প্ৰশস্ত কৰিব

৩০ ছেপ্টেম্বৰ, ২০২০ লৈকে কন্টেইনমেন্ট জ’নত কঠোৰ লকডাউন বলবৎ 
কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ এলেকাসমূহত অধিক কাম-কাজ প্ৰশস্ত কৰি গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (এমএইচএ)এ আজি নতুন নীতি-নিৰ্দেশনা জাৰি কৰিলে। 
১ ছেপ্টেম্বৰ, ২০২০ ৰ পৰা কাৰ্যকৰী হ’বলগীয়া আনলক ৪ ত, কাম-কাজৰ পৰ্যায়ক্ৰমিক পুনৰ-মুকলি সম্প্ৰসাৰণ কৰা হৈছে। যোৱা কালি জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনা খনি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ পৰা লাভ কৰা মতামত আৰু সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু বিভাগ সমূহৰে অনুষ্ঠিত বিস্তৃত আলোচনা মৰ্মে প্ৰস্তুত কৰা হৈছে। 

নতুন নীতি-নিৰ্দেশনাখনিৰ মূল বৈশিষ্ট্য

গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে আলোচনা মৰ্মে ৭ ছেপ্টেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয় (MOHUA)/ ৰেল মন্ত্ৰণালয় (MOR)ৰ দ্বাৰা পৰ্যায়ক্ৰমে মেট্ৰ’ ৰেল চলাবলৈ অনুমতি প্ৰদান কৰা হ’ব। এই সংক্ৰান্তত, এমঅ’এইচইউএ এ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (SOP) জাৰি কৰিব।
২১ ছেপ্টেম্বৰ, ২০২০ ৰপৰা কাৰ্যকৰী হোৱাকৈ ১০০ জন লোকৰ সৰ্বাধিক সীমাৰে সামাজিক/শৈক্ষিক/ক্ৰীড়া/মনোৰঞ্জন/সাংস্কৃতিক/ধৰ্মীয়/ৰাজনৈতিক অনুষ্ঠান আৰু আন সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ’ব। অৱশ্যে, বাধ্যতামূলকভাৱে ফেচ মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখা, থাৰ্মেল স্কেনিং আৰু হেণ্ড ৱাছ বা চেনিটাইজাৰৰ ব্যৱস্থাৰ জৰিয়তেহে এনে সীমিত সমাবেশ অনুষ্ঠিত কৰিব পাৰিব।
২১ ছেপ্টেম্বৰ, ২০২০ ৰপৰা কাৰ্যকৰী হোৱাকৈ মুকলি মঞ্চ (Open air theatres) সমূহ খুলিবলৈ অনুমতি দিয়া হ’ব।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে বিস্তৃত আলোচনাৰ পাছত, ৩০ ছেপ্টেম্বৰ, ২০২০ লৈকে ছাত্ৰ-ছাত্ৰী আৰু নিয়মীয়া শ্ৰেণীৰ কাম-কাজৰ অৰ্থে বিদ্যালয়, মহাবিদ্যালয়, শৈক্ষিক আৰু ক’ছিং প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনলাইন/দূৰ শিক্ষা চলাই যাবলৈ অনুমতি দিয়া হৈছে আৰু ইয়াক উৎসাহিত কৰা হ’ব। অৱশ্যে, অনুমতি প্ৰদান কৰা নিম্ন উল্লেখিতসমূহ, কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰতহে মাথোন প্ৰযোজ্য, 
২১ ছেপ্টেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ ইয়াৰ বাবে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)এ এছঅ’পি জাৰি কৰিবঃ
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এটা নিৰ্দিষ্ট সময়ত অনলাইন পাঠদান/টেলি-কাউন্সেলিং আৰু সম্পৰ্কীয় কামৰ অৰ্থে বিদ্যালয়লৈ আহিবলৈ ৫০% পৰ্যন্ত টিছিং আৰু নন-টিছিং ষ্টাফক অনুমতি দিব পাৰে।
মাথো কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ অঞ্চলত, ৯ ম ৰপৰা ১২ শ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষাগুৰুৰপৰা উপদেশ গ্ৰহণৰ অৰ্থে, ইচ্ছাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বিদ্যালয়লৈ আহিবলৈ অনুমতি দিব পাৰে। ইয়াৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃ/অভিভাৱকৰ লিখিত অনুমতিৰ প্ৰয়োজন হ’ব।
ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম বা ৰাজ্যিক দক্ষতা বিকাশ অভিযান বা ভাৰত চৰকাৰৰ আন মন্ত্ৰণালয় বা ৰাজ্য চৰকাৰসমূহৰ পঞ্জীয়নভুক্ত ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI), হস্ৰ ম্যাদী প্ৰশিক্ষণ কেন্দ্ৰসমূহত দক্ষতা বা উদ্যোগশীলতা প্ৰশিক্ষণৰ অনুমতি দিয়া হ’ব।
নেশ্যনেল ইনষ্টিটিউট ফৰ এন্ট্ৰাপ্ৰিনিয়াৰশ্বীপ এণ্ড স্মল বিজনেছ ডেভলপমেন্ট (NIESBUD), ভাৰতীয় উদ্যোগশীলতা প্ৰতিষ্ঠান (IIE) আৰু এইসমূহৰ প্ৰশিক্ষণ প্ৰদানকাৰীসকলকো অনুমতি প্ৰদান কৰা হৈছে।

উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ মাথো পৰীক্ষাগাৰ/পৰীক্ষামূলক কামৰ প্ৰয়োজন হোৱা কাৰিকৰী আৰু বৃত্তিগত পাঠ্যক্ৰমৰ স্নাত-কোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাকাৰী (Ph.D.)সকলৰ বাবেহে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ক’ভিড-১৯ জনিত ঘটনাৰ ওপৰত দৃষ্টি ৰাখি আৰু পৰিস্থিতিৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি, গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সৈতে আলোচনা মৰ্মে উচ্চ শিক্ষা বিভাগ (DHE)এ ইয়াৰ অনুমতি প্ৰদান কৰিব।
কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত, তলত উল্লেখ কৰা সমূহৰ বাহিৰে, সকলো কাম-কাজত অনুমতি দিয়া হ’বঃ 
চিত্ৰ গৃহ, ছুইমিং পুল, প্ৰমোদ উদ্যান, থিয়েটাৰ (অ’পেন এয়াৰ থিয়েটাৰক এৰি) আৰু সমজাতীয় স্থানসমূহ।
গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অনুমতিৰ বাহিৰে যাত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ।
৩০ ছেপ্টেম্বৰ, ২০২০ পৰ্যন্ত কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে লকডাউন বলবৎ হৈ থাকিব।
সংক্ৰমণৰ শৃংখল ফলপ্ৰসূতাৰে ছিঙি পেলোৱাৰ উদ্দেশ্যৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)ৰ নীতি-নিৰ্দেশনাখনিৰ বিবেচনা কৰাৰ পাছত তৃণমূল পৰ্যায়ত জিলা কৰ্তৃপক্ষৰদ্বাৰা কন্টেইনমেন্ট জ’নসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব আৰু মাথো নিত্য-ব্যৱহাৰ্য কাম-কাজতহে অনুমতি দিয়া হ’ব।
কন্টেইনমেন্ট জ’নসমূহৰ ভিতৰত, কঠোৰ সীমা নিয়ন্ত্ৰণ (strict perimeter control) মানি চলিব লাগিব আৰু মাথো এৰাব নোৱাৰা কাম-কাজতহে অনুমতি দিয়া হৈছে। 
এই কন্টেইনমেন্ট জ’নসমূহক সংশ্লিষ্ট জিলা কালেক্টৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৱেবচাইটত প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ তথ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)কো দাখিল কৰিব লাগিব।
কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্যই কোনো ধৰণৰ স্থানীয় লকডাউন বলবৎ কৰিব নোৱাৰিব

কেন্দ্ৰীয় চৰকাৰখনৰ সৈতে পূৰ্বে আলোচনা নকৰাকৈ, কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কোনো ধৰণৰ স্থানীয় লকডাউন (ৰাজ্য/জিলা/মহকুমা/মহানগৰ/গাঁও পৰ্যায়ত) বলবৎ কৰিব নোৱাৰিব।

 

আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচলত বাধা নাই

ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজনীয়তা নাথাকিব।
ক’ভিড-১৯ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশিকা (Directives)

সামাজিক দূৰত্ব সুনিশ্চিতকৰণৰ লক্ষ্যৰে, সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশনা পালন বাহাল থাকিব। দোকান-পোহাৰসমূহে গ্ৰাহকসকলৰ মাজত যথোপযুক্ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)এ ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ ফলপ্ৰসূ ৰূপায়ণ নিৰীক্ষণ কৰিব।
আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক (vulnerable persons)ৰ অৰ্থে সুৰক্ষা

আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক যথাঃ ৬৫ বছৰ বয়সৰ উৰ্ধ লোক, আন ৰোগত আক্ৰান্ত হৈ থকা লোক, গৰ্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ অনূৰ্ধ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা আৰু চিকিৎসা সম্পৰ্কীয় কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰি অহা হৈছে।

30 August, 2020 গোলাঘাট আৰক্ষী জালত ৬ টাকৈ গভাইত চোৰ । দিনত চাইকেল ঠেলা লৈ মানুহৰ ঘৰে ঘৰে ভঙাচিঙা সামগীকিনাৰ আচিলা লৈ ইহতি নিৰীক্ষন কৰে সহজে কেনেদৰে ধৰা নপৰাকৈ গৃহস্থৰ ঘৰ চাফাই কৰিব পাৰি ৷ আৰু নিশাহলে চলায় অভিযান ৷ গোলাঘাট নগৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত কৰি আহিছে চোৰে । কেইদিনমান পূৰ্বে গোলাঘাট তপন নগৰৰ নিখিল চক্ৰৱৰ্তী বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান । চুৰি কৰি নিছিল সোণ, ৰূপ , টাকা , ইলেক্ট্ৰিক সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী । চুৰিকাণ্ডটোৰ সৈতে জড়িত ৬ টাকৈ চোৰ গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হ'ল অনিকেট কুমাৰ , প্ৰকাশ তাতীঁ, উৎপল দাস , ছাহিদুল আলি , ৰাজা শইকীয়া , ইনামুল হক আৰু এই চুৰিকাৰ্য লগত জড়িত আৰু আৰক্ষীৰ নিদ্ৰাহৰণকাৰী দুটাকৈ মাষ্টৰমাইণ্ড চোৰ বৰ্তমানেও পলাতক ঃঃ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ ৩০ আগষ্ট ২০২০

 30 August, 2020

গোলাঘাট আৰক্ষী জালত ৬ টাকৈ গভাইত চোৰ ।


দিনত চাইকেল ঠেলা লৈ মানুহৰ ঘৰে ঘৰে ভঙাচিঙা সামগীকিনাৰ আচিলা লৈ ইহতি নিৰীক্ষন কৰে সহজে কেনেদৰে ধৰা নপৰাকৈ গৃহস্থৰ ঘৰ চাফাই কৰিব পাৰি ৷ আৰু নিশাহলে চলায় অভিযান ৷

 গোলাঘাট নগৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত কৰি আহিছে  চোৰে । কেইদিনমান পূৰ্বে গোলাঘাট তপন নগৰৰ নিখিল চক্ৰৱৰ্তী বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান ।  চুৰি কৰি  নিছিল সোণ, ৰূপ , টাকা , ইলেক্ট্ৰিক সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী  ।  চুৰিকাণ্ডটোৰ সৈতে জড়িত ৬ টাকৈ চোৰ  গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হ'ল অনিকেট কুমাৰ , প্ৰকাশ তাতীঁ, উৎপল দাস , ছাহিদুল আলি , ৰাজা শইকীয়া , ইনামুল হক আৰু এই চুৰিকাৰ্য লগত জড়িত আৰু আৰক্ষীৰ নিদ্ৰাহৰণকাৰী দুটাকৈ মাষ্টৰমাইণ্ড চোৰ বৰ্তমানেও পলাতক ঃঃ

প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ ৩০ আগষ্ট ২০২০

NORTHEAST NEWS INDIA


29 August, 2020 গোলাঘাট শিয়ালেখাটী ঔগুৰি ক্ৰীড়া খেলপথাৰত যোৱাকালি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰে। গোলাঘাট জিলা ফুটবল সন্থা আৰু শিয়ালাখাটী কচিং চেন্টাৰ উদ্যোগত ঔগুৰি ৰাইজৰ সহযোগত ঔগৰি ক্ৰীড়া খেলপথাৰত ৰাষ্ট্রীয় ক্ৰীড়া দিৱস পালন কৰে। খেলপথাৰতে মেজৰ ধ্যান চান্দৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি হকীৰ যাদুকৰ গৰাকীক স্মৰণ কৰে । ইয়াৰ পিছতে গোলাঘাট জিলা ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা গোলাঘাট কচিং চেন্টাৰৰ মুখ্য প্ৰশিক্ষক দৰ্শন গোহাঁই খেলুৱৈ সকল আৰু ৰাইজৰ উদ্দেশ্য ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বক্তব্য দাঙি ধৰে । ক্ৰীড়া দিৱস উপলক্ষে এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰে । অনুষ্ঠানত ঔগৰি ক্ৰীয়া সন্থাৰ আমিৰ হুছেইন , ইছলাম হুছেইন , বদৰ হুছেইন, আফটাব হুছেইন উপস্থিত থকাৰ লগতে ফুটবল গ্ৰাচৰোটচ্ ডেভেলপমেন্ট প্ৰগামৰ প্ৰশিক্ষক প্ৰিন্স হুছেইন , প্ৰশিক্ষক অঞ্জন গোহাঁই, দিপাঙ্কৰ ফুকন, তাজুদ্দিন আলি উপস্থিত থাকে । ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA

 29 August, 2020


গোলাঘাট শিয়ালেখাটী ঔগুৰি ক্ৰীড়া খেলপথাৰত যোৱাকালি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰে। গোলাঘাট জিলা ফুটবল সন্থা আৰু শিয়ালাখাটী কচিং চেন্টাৰ উদ্যোগত  ঔগুৰি ৰাইজৰ সহযোগত ঔগৰি ক্ৰীড়া খেলপথাৰত ৰাষ্ট্রীয়  ক্ৰীড়া দিৱস পালন কৰে।  খেলপথাৰতে  মেজৰ ধ্যান চান্দৰ  প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু   মাল্যাৰ্পন কৰি হকীৰ যাদুকৰ গৰাকীক স্মৰণ কৰে । ইয়াৰ পিছতে গোলাঘাট জিলা ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা গোলাঘাট কচিং  চেন্টাৰৰ মুখ্য প্ৰশিক্ষক দৰ্শন গোহাঁই খেলুৱৈ সকল আৰু ৰাইজৰ উদ্দেশ্য ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বক্তব্য দাঙি ধৰে ।  ক্ৰীড়া দিৱস উপলক্ষে এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰে । অনুষ্ঠানত ঔগৰি ক্ৰীয়া সন্থাৰ আমিৰ হুছেইন , ইছলাম হুছেইন , বদৰ হুছেইন, আফটাব হুছেইন উপস্থিত থকাৰ লগতে ফুটবল গ্ৰাচৰোটচ্ ডেভেলপমেন্ট প্ৰগামৰ প্ৰশিক্ষক প্ৰিন্স হুছেইন , প্ৰশিক্ষক অঞ্জন গোহাঁই, দিপাঙ্কৰ ফুকন, তাজুদ্দিন আলি উপস্থিত থাকে । ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷

NORTHEAST NEWS INDIA


30 August, 2020 গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰ এক প্ৰতিবেদন। NORTHEAST NEWS INDIA

 30 August, 2020


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰ এক প্ৰতিবেদন। 

NORTHEAST NEWS INDIA


Saturday, 29 August 2020

29 August, 2020সমগ্ৰ দেশবাসীলৈ কৰম পৰবৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।আহি থকা দিনত সকলোৰে যেন মঙ্গলময় হয়, সুখৰ হয় তাৰে কামনাৰে। NORTHEAST NEWS INDIA

29 August, 2020

সমগ্ৰ দেশবাসীলৈ কৰম পৰবৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আহি থকা দিনত সকলোৰে যেন মঙ্গলময় হয়, সুখৰ হয়  তাৰে কামনাৰে। 

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।