Wednesday, 5 August 2020

5 August, 2020১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰলৈ অসমৰ বীৰ সৈন্যসকললৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা , মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। দদৰাত এই ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰে।বীৰ শ্বহীদসকলৰ স্বদেশপ্ৰেম আৰু অদম্য পৰাক্ৰমৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

5 August, 2020

১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰলৈ অসমৰ বীৰ সৈন্যসকললৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল  মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা , মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।  দদৰাত এই ৰণৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰে।
বীৰ শ্বহীদসকলৰ স্বদেশপ্ৰেম আৰু অদম্য পৰাক্ৰমৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

5 August, 2020মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৱিত্ৰ জন্মভূমিত ভূমি পূজন সম্পন্ন কৰি বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাটোৰ এটি মহৎ আকাংক্ষাক পূৰ্ণ ৰূপ দিলে। এয়া সমগ্ৰ ভাৰত বাসিৰ বাবে এয়া এক সচাঁকৈ সুভাগ্য দিন। আহক আমি সকলোৱেই এখন সম্পুর্ণ নতুন ভাৰতৱৰ্ষ গঢ়াৰ নিমিত্তে এটি নতুন সুন্দৰ বাতেৰে অগ্ৰসৰ হওঁ। জয় শ্ৰীৰাম 🙏NORTHEAST NEWS INDIA

5 August, 2020

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৱিত্ৰ জন্মভূমিত  ভূমি পূজন সম্পন্ন কৰি বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাটোৰ এটি মহৎ আকাংক্ষাক পূৰ্ণ ৰূপ দিলে। এয়া সমগ্ৰ ভাৰত বাসিৰ বাবে এয়া এক  সচাঁকৈ সুভাগ্য দিন। আহক আমি সকলোৱেই এখন সম্পুর্ণ নতুন ভাৰতৱৰ্ষ গঢ়াৰ নিমিত্তে এটি নতুন সুন্দৰ বাতেৰে অগ্ৰসৰ হওঁ। 

জয় শ্ৰীৰাম 🙏

5 August, 2020 জয় শ্ৰী ৰাম🚩"যি ঠাইত ৰাম লালা বিৰাজমানতাতেই হ'ব মন্দিৰ নিৰ্মান" আজি ৫ আগষ্টত হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমিপূজন।ৰাম মন্দিৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব। প্ৰভু শ্ৰীৰামক আমি পুনৰ সেই একেখিনি ঠাইতে দেখিবলৈ আমাৰ সৌভাগ্য হব। আহক আমি দেশৰ সকলোৱে একে লগে এখন সুন্দৰ ভাৰত গঢ়াৰ সংকল্প লও। NORTHEAST NEWS INDIA জয় শ্ৰীৰাম 🚩জয় ভাৰত মাতা

5 August, 2020

জয় শ্ৰী ৰাম🚩"যি ঠাইত ৰাম লালা বিৰাজমান
তাতেই হ'ব মন্দিৰ নিৰ্মান" আজি ৫ আগষ্টত হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমিপূজন।
ৰাম মন্দিৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব। প্ৰভু শ্ৰীৰামক আমি পুনৰ সেই একেখিনি ঠাইতে দেখিবলৈ আমাৰ সৌভাগ্য হব। আহক  আমি দেশৰ সকলোৱে একে লগে এখন সুন্দৰ ভাৰত গঢ়াৰ সংকল্প লও। 

NORTHEAST NEWS INDIA

জয় শ্ৰীৰাম 🚩
জয় ভাৰত মাতা

5 August, 2020 ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ অধীনত গ্ৰহণ কৰা হৈছে দিব্যাংগসকলৰ সুবিধাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

5 August, 2020

 ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ অধীনত গ্ৰহণ কৰা হৈছে দিব্যাংগসকলৰ সুবিধাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

5 August, 2020 অসমৰ প্ৰথমগৰাকী মুখ‍্যমন্ত্ৰী, 'ভাৰত ৰত্ন' মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। NORTHEAST NEWS INDIA

5 August, 2020

অসমৰ প্ৰথমগৰাকী মুখ‍্যমন্ত্ৰী, 'ভাৰত ৰত্ন' 
মহান স্বাধীনতা সেনানী তথা ভাৰতৰ স্বৰাজোত্তৰ কালৰ  লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

NORTHEAST NEWS INDIA

5 August, 2020#Covid19 #Assam and actions taken as on 04/08/2020.

5 August, 2020

#Covid19 #Assam and actions taken as on 04/08/2020.

Tuesday, 4 August 2020

BREAKING NEWS

4 August, 2020গোলাঘাটত স্বাস্থ্য বিভাগ আৰু গোলাঘাট প্ৰশাসনৰ সংবাদ মেল। কৰ'না সংক্ৰমণৰ পিছতেই গোলাঘাট নাৰ্ছিং হ'মত প্ৰায় ৩০জন কৰ্মচাৰী জণ্ডিচ সদৃশ হেপাটাইটিছ এ ৰোগত আক্ৰান্ত হোৱা আৰু এজনৰ মৃত্যুৰ পিছতেই হাহাকাৰ। নাৰ্ছিং হ'ম খনত কৰ্তৃপক্ষৰ দায়িত্ব হীনতাৰ বাবেই কৰ'না ভাইৰাছ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছিল। কৰ'না সংক্ৰমণৰ সময়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নাৰ্ছিং হ'ম খনক ৰেষ্ট্ৰিকটেড জ'ন হিচাপে ছীল কৰি নাৰ্চিং হ'মৰ কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰিছিল। বৰ্তমান নাৰ্চিং হ'মৰ পৰিস্থিতিক লৈ নাৰ্চি হ'ম কতৃপক্ষৰ অভিযোগ। প্ৰশাসনৰ দ্বাৰা কোৱাৰেন্টাইন সময়ত যোগান ধৰা খাদ্য নতুবা ছেনিটাইছেচন কৰা সময়ত খোৱা পানীত ছডিয়াম হাইড্ৰক্লৰাইদ সংমিশ্ৰণ হোৱাৰ ফলত নাৰ্চিং হ'মখনে সন্মুখীন হ'ব লগা হৈছে এনে অভাৱনীয় পৰিস্থিতিৰ। ইয়াকে লৈ স্বাস্থ্য বিভাগে এক বিভাগীয় তদন্ত ঘোষণা কৰাৰ পিছত আয়োজন কৰে সংবাদ মেল। গোলাঘাট যুটিয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সংবাদ মেল। সংবাদ মেলত গোলাঘাট স্বাস্থ্য বিভাগে কয় গোলাঘাট নাৰ্চিং হ'ম কতৃপক্ষৰ অৱহেলাৰ বাবেই সংঘটিত হৈছে এই ৰোগ। গোলাঘাট নাৰ্চিং হ'মৰ অভিযোগ প্ৰত্যাখ্যান কৰে গোলাঘাট স্বাস্থ্য বিভাগে। কৰ'না সংক্ৰমণ হোৱাৰ সময়ত গোলাঘাট নাৰ্চিং হ'মক জুন মাহৰ মাজভাগত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল। তেতিয়াই কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰিছিল গোলাঘাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। কিন্তু গোলাঘাট নাৰ্চিং হ'মত অনুৰূপ ৰোগ দেখা দিছিল ২২ জুন আৰু ১১ জুনত। স্বাস্থ্য বিভাগে নাৰ্ছিং হ'ম খনৰ স্বাতাধিকাৰ ডা০ চন্দন বৰঠাকুৰৰ অভিযোগক নসাৎ কৰি কয় খাদ্য নতুবা ছেনিটাইছেচনৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাই। এই ৰোগ পানী নতুবা কেঁচা খাদ্যৰ পৰা হয়। কোৱাৰেন্টাইনৰ সময়ত প্ৰশাসনে যোগান ধৰিছিল বটলৰ পানী। কোনো ধৰণৰ কেঁচা খাদ্য যোগান ধৰা নাছিল। নাৰ্চিং হ'ম কতৃপক্ষই সংবাদ মাধ্যমক ৩০জন লোক আক্ৰান্ত হোৱা বুলি কোৱাৰ বিপৰীতে স্বাস্থ্য বিভাগক ১৮ জনৰ এনে ৰোগ হোৱা বুলি জানিব দিছে। ডা০ চন্দন বৰঠাকুৰে আক্ৰান্তৰ শুদ্ধ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে বুলি জানিব দিয়ে সংবাদ মেলত। নাৰ্চিং হ'মত কৰ্মৰত ডা০ দেৱজিৎ দত্ত একেটা ৰোগত আক্ৰান্ত হৈছিল কিন্তু তেওঁ কোৱাৰেন্টাইনত নাছিল। স্বাস্থ্য বিভাগৰ প্ৰাৰম্ভিক তদন্তৰ পিছত পোহৰলৈ আহিছে নাৰ্চিং হ'মৰ খোৱা পানীৰ ব্যৱস্থাৰ বাবেই জণ্ডিচ সদৃশ হেপাটাইটিছ এ ৰোগত আক্ৰান্ত হৈছে। বৰ্তমান স্বাস্থ্য বিভাগে নাৰ্ছিং হ'ম খনৰ খোৱা পানীৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই পানীৰ ফলাফল আহিব সাত দিনৰ পিছত। উল্লেখযোগ্য যে, নাৰ্চিং হ'ম খনে চিকিৎসা নীতিক উলংঘা কৰিছে। গোলাঘাট জিলা ৰোগ সংক্ৰমণ প্ৰতিৰোধ বিভাগক এই বিষয়ে অৱগত কৰিব লাগে যদিও আজি পৰ্যন্ত জনোৱা নাই। চিকিৎসালয় খনৰ স্বত্বাধিকাৰ ডা০ চন্দন বৰঠাকুৰৰ বিৰুদ্ধে Disaster management Act ৰ অধীনত এক গোচৰ ৰুজু কৰা হ'ব বুলি সংবাদ মেলত জনাই। সংবাদ মেলত উপস্থিত থাকে জিলা স্বাস্থ্য বিষয়া ডা০ সৌৰভ গগৈ, সহকাৰী আয়ুক্ত পাপু গগৈৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ স্বাস্থ্য বিষয়া।গোলাঘাটৰ পৰা পূৰ্ণ বৰা, প্ৰকাশ শৰ্মা ৰিপত NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...