Tuesday, 4 August 2020

BREAKING NEWS

4 August, 2020গোলাঘাটত স্বাস্থ্য বিভাগ আৰু গোলাঘাট প্ৰশাসনৰ সংবাদ মেল। কৰ'না সংক্ৰমণৰ পিছতেই গোলাঘাট নাৰ্ছিং হ'মত প্ৰায় ৩০জন কৰ্মচাৰী জণ্ডিচ সদৃশ হেপাটাইটিছ এ ৰোগত আক্ৰান্ত হোৱা আৰু এজনৰ মৃত্যুৰ পিছতেই হাহাকাৰ। নাৰ্ছিং হ'ম খনত কৰ্তৃপক্ষৰ দায়িত্ব হীনতাৰ বাবেই কৰ'না ভাইৰাছ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছিল। কৰ'না সংক্ৰমণৰ সময়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নাৰ্ছিং হ'ম খনক ৰেষ্ট্ৰিকটেড জ'ন হিচাপে ছীল কৰি নাৰ্চিং হ'মৰ কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰিছিল। বৰ্তমান নাৰ্চিং হ'মৰ পৰিস্থিতিক লৈ নাৰ্চি হ'ম কতৃপক্ষৰ অভিযোগ। প্ৰশাসনৰ দ্বাৰা কোৱাৰেন্টাইন সময়ত যোগান ধৰা খাদ্য নতুবা ছেনিটাইছেচন কৰা সময়ত খোৱা পানীত ছডিয়াম হাইড্ৰক্লৰাইদ সংমিশ্ৰণ হোৱাৰ ফলত নাৰ্চিং হ'মখনে সন্মুখীন হ'ব লগা হৈছে এনে অভাৱনীয় পৰিস্থিতিৰ। ইয়াকে লৈ স্বাস্থ্য বিভাগে এক বিভাগীয় তদন্ত ঘোষণা কৰাৰ পিছত আয়োজন কৰে সংবাদ মেল। গোলাঘাট যুটিয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সংবাদ মেল। সংবাদ মেলত গোলাঘাট স্বাস্থ্য বিভাগে কয় গোলাঘাট নাৰ্চিং হ'ম কতৃপক্ষৰ অৱহেলাৰ বাবেই সংঘটিত হৈছে এই ৰোগ। গোলাঘাট নাৰ্চিং হ'মৰ অভিযোগ প্ৰত্যাখ্যান কৰে গোলাঘাট স্বাস্থ্য বিভাগে। কৰ'না সংক্ৰমণ হোৱাৰ সময়ত গোলাঘাট নাৰ্চিং হ'মক জুন মাহৰ মাজভাগত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল। তেতিয়াই কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰিছিল গোলাঘাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। কিন্তু গোলাঘাট নাৰ্চিং হ'মত অনুৰূপ ৰোগ দেখা দিছিল ২২ জুন আৰু ১১ জুনত। স্বাস্থ্য বিভাগে নাৰ্ছিং হ'ম খনৰ স্বাতাধিকাৰ ডা০ চন্দন বৰঠাকুৰৰ অভিযোগক নসাৎ কৰি কয় খাদ্য নতুবা ছেনিটাইছেচনৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাই। এই ৰোগ পানী নতুবা কেঁচা খাদ্যৰ পৰা হয়। কোৱাৰেন্টাইনৰ সময়ত প্ৰশাসনে যোগান ধৰিছিল বটলৰ পানী। কোনো ধৰণৰ কেঁচা খাদ্য যোগান ধৰা নাছিল। নাৰ্চিং হ'ম কতৃপক্ষই সংবাদ মাধ্যমক ৩০জন লোক আক্ৰান্ত হোৱা বুলি কোৱাৰ বিপৰীতে স্বাস্থ্য বিভাগক ১৮ জনৰ এনে ৰোগ হোৱা বুলি জানিব দিছে। ডা০ চন্দন বৰঠাকুৰে আক্ৰান্তৰ শুদ্ধ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে বুলি জানিব দিয়ে সংবাদ মেলত। নাৰ্চিং হ'মত কৰ্মৰত ডা০ দেৱজিৎ দত্ত একেটা ৰোগত আক্ৰান্ত হৈছিল কিন্তু তেওঁ কোৱাৰেন্টাইনত নাছিল। স্বাস্থ্য বিভাগৰ প্ৰাৰম্ভিক তদন্তৰ পিছত পোহৰলৈ আহিছে নাৰ্চিং হ'মৰ খোৱা পানীৰ ব্যৱস্থাৰ বাবেই জণ্ডিচ সদৃশ হেপাটাইটিছ এ ৰোগত আক্ৰান্ত হৈছে। বৰ্তমান স্বাস্থ্য বিভাগে নাৰ্ছিং হ'ম খনৰ খোৱা পানীৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই পানীৰ ফলাফল আহিব সাত দিনৰ পিছত। উল্লেখযোগ্য যে, নাৰ্চিং হ'ম খনে চিকিৎসা নীতিক উলংঘা কৰিছে। গোলাঘাট জিলা ৰোগ সংক্ৰমণ প্ৰতিৰোধ বিভাগক এই বিষয়ে অৱগত কৰিব লাগে যদিও আজি পৰ্যন্ত জনোৱা নাই। চিকিৎসালয় খনৰ স্বত্বাধিকাৰ ডা০ চন্দন বৰঠাকুৰৰ বিৰুদ্ধে Disaster management Act ৰ অধীনত এক গোচৰ ৰুজু কৰা হ'ব বুলি সংবাদ মেলত জনাই। সংবাদ মেলত উপস্থিত থাকে জিলা স্বাস্থ্য বিষয়া ডা০ সৌৰভ গগৈ, সহকাৰী আয়ুক্ত পাপু গগৈৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ স্বাস্থ্য বিষয়া।গোলাঘাটৰ পৰা পূৰ্ণ বৰা, প্ৰকাশ শৰ্মা ৰিপত NORTHEAST NEWS INDIA

4 August, 2020

4 August, 2020 #Covid19 #Assam and actions taken as on date 03/08/2020.

4 August, 2020

 #Covid19 #Assam and actions taken as on date 03/08/2020.

Monday, 3 August 2020

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।