Monday, 27 July 2020
27 July, 2020 নগাঁও পৌৰসভাৰ অন্তৰ্গত ২৬ নং মহলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)ৰ দ্বিতীয় পৰ্যায়ৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে। আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে এই আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন চহৰত বাস কৰা দুখীয়া পৰিয়ালৰ বাবে ২৫ হাজাৰ গৃহ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। আজিৰে পৰা আৰম্ভ হোৱা আধাৰশিলা তথা গৃহ নিৰ্মাণৰ শুভাৰম্ভণি কাৰ্য এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। ৭৪৯.৫২ কোটি টকা ব্যয়েৰে এই ২৫ হাজাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰথম কিস্তিত ৮০ হাজাৰ টকাকৈ ৰাজ সাহায্যযুক্ত আৰ্থিক অনুদান আগবঢ়াব। আনহাতে পৰৱৰ্তী পৰ্যায়ত বাকী কিস্তিসমূহ প্ৰদান কৰিব। আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, নগৰ উন্নয়ন বিভাগৰ মাননীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাৰ লগতে বহু বিশিষ্ট ব্যক্তি।
Sunday, 26 July 2020
26 July, 2020 গোলাঘাট জিলাৰ বেঙেনা খোৱা গাঁওৰ এজন যুবক । তেওৰ নাম পার্থ জোতি বৰা পার্থ বর্তমান সময়ত হৈ পৰিছে গাঁও খনৰ ৰাইজৰ হিয়াৰ আমঠু ৰ দৰে তেও সৰুৰে পৰাই বিভিন্ন কর্মৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকর্ষণ কৰি আহিছে শিশু সকলৰ অতি প্রিয় এই যুবক জনে বিভিন্ন লোকৰ সহায় লৈ ছাত্র ছাত্রী সকলক যাবতীয় কিতাপ বহী আদি বিতৰণ কৰি আহিছে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ত সমাজ প্রিয় পার্থ ই নিজৰ ঘৰলৈ অনা চাউল দাইল আদি গোলাঘাটৰ অতি দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে লগতে গোলাঘাটৰ কিছু পৰিয়াল ঘৰতে শস্য উৎপাদনৰ বাবে পাচলিৰ গুটি প্রদান কৰাৰ উপৰিও এইবাৰ হাইস্কুল পৰীক্ষাত উত্তীর্ণ কিছু ছাত্র ছাত্রীক সম্বর্ধনা জনাই 22 বছৰীয়া যুবক প্ৰাৰ্থ ই এনে পৰোপকাৰী চিন্তা ধাৰা আৰু ৰাইজৰ প্রতি থকা মৰমৰ বাবেই পার্থ সকলোৰে প্রিয় হৈ পৰিছে এনে কিছু কার্যৰ বাবেই জিলা প্রশাষণৰ তৰফৰ পৰা পার্থ ক যোৱা 26 জানুৱাৰীত গণতন্ত্র দিৱসৰ দিনা জিলা উপায়ুক্তই সম্বর্ধনা জনাই । লগতে 2013 চনত অসমৰ ৰাজ্যপাল মহোদয়ে পার্থ ক স্কাউট গাইড ৰ Rajya purskar ৰ প্রমাণ পত্র প্রদান কৰে। এনে কর্মৰ বাবে ই পার্থ ক সকলোৱে একে মুখে প্রশংসা কৰিছে ।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...




































