Wednesday, 17 June 2020
গোলাঘাটৰ মইনাপাৰাৰ এজন ছাত্ৰ আক্ৰান্ত হৈছে এক জতীল ৰোগত ৷ লগৰ সমনীয়াই বৰশীবাই জান জুৰি নদীত সাতুৰি নাদুৰি শৈশৱৰ সোণোৱালী সময়বোৰ পাৰ কৰাৰ সময়তে ; শৈশৱৰ মাজবাটতে এক জতীল ৰোগত আক্ৰান্ত হৈছে গোলাঘাটৰ মইনাপাৰা হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিষাল তুৰি ৷ মইনাপাৰাৰ প্ৰয়াত হীৰেন তুৰি আৰু মিনা তুৰিৰ পুত্ৰ বিশাল কিছূদিনৰৰ আগতে অসুষ্ঠ হোৱাত তেওক প্ৰথমে গোলাঘতত আৰু পিছত মাৰ্চ মাহত যোৰহাটলৈ চিকিৎসাৰ বাবে নিয়া হল ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিশোৰটিৰ ব্ৰেইনৰ টিউমাৰ ধৰা পৰে ৷ অতি দৰিদ্ৰ পৰিয়ালটোক স্থানীয় লোকে ধন তুলি চিকিৎসা কৰাই আছিল ৷ এনে সময়তে লকডাউন ঘোষণা হোৱাত বিশালক কিছূ ঔষধ লিখিদি চিকিৎসকে বিদাই দিলে ৷ আধাখুনিয়াকৈ চিকিৎা কৰাৰ বাবে বিশালক ৰোগে জতীল ৰূপ ধাৰণ কৰাত মঙ্গলবাৰে পৰিয়ালটোৱে পুণৰ ৰাইজৰ সহায়ত বিশালক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে ৷ বিশালৰ চিকিৎসাৰ আৰম্ভণিতেই প্ৰায় ৫০হেজাৰ টকা খৰচ হল ৷ এতিয়া তেওক এক বুজন পৰিমানৰ ধনৰ আৱশ্যৰ হৈছে সেয়েহে দৰিদ্ৰ পৰিয়ালটোৱে ৰাইজৰ পৰা আৰ্থিক সহায় বিছাৰিছে সদাশয় ব্যক্তিয়ে অসম গ্ৰামীন বিকাশ বেংকৰ গোলাঘাট শাখাৰ 7398010019743 নম্বৰৰ একাউণ্ট ; IFSC Code :- UTBIORRBAGB ত ধন জমাদি কিশোৰ টিৰ জীৱন ৰক্ষাত সহায় কৰিবৰ বাবে পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ৷ ইচ্ছূক সদাশয়লোকে 6001191230 নম্বৰৰ ফোনত যোগাযোগ কৰিব পাৰিব ৷ ::পাৰ্থ জোতি বৰা গোলাঘাট ৷
Tuesday, 16 June 2020
16 Jun, 2020 অসম চৰকাৰে বিশেষ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। ক'ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পৰম্পৰাগত লোক-সংস্কৃতিৰ শিল্পীসকলক সকাহ দিয়াৰ উদ্দেশ্যে । শিল্পীসকলে আৱেদন পত্ৰ অনলাইনযোগে www.anudaanassamculture.in ত পূৰণ কৰিব লাগিব। আৱেদনকাৰীৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলীসমূহ কি কি জানি লওঁক।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
















