Wednesday, 17 June 2020
গোলাঘাটৰ মইনাপাৰাৰ এজন ছাত্ৰ আক্ৰান্ত হৈছে এক জতীল ৰোগত ৷ লগৰ সমনীয়াই বৰশীবাই জান জুৰি নদীত সাতুৰি নাদুৰি শৈশৱৰ সোণোৱালী সময়বোৰ পাৰ কৰাৰ সময়তে ; শৈশৱৰ মাজবাটতে এক জতীল ৰোগত আক্ৰান্ত হৈছে গোলাঘাটৰ মইনাপাৰা হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিষাল তুৰি ৷ মইনাপাৰাৰ প্ৰয়াত হীৰেন তুৰি আৰু মিনা তুৰিৰ পুত্ৰ বিশাল কিছূদিনৰৰ আগতে অসুষ্ঠ হোৱাত তেওক প্ৰথমে গোলাঘতত আৰু পিছত মাৰ্চ মাহত যোৰহাটলৈ চিকিৎসাৰ বাবে নিয়া হল ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিশোৰটিৰ ব্ৰেইনৰ টিউমাৰ ধৰা পৰে ৷ অতি দৰিদ্ৰ পৰিয়ালটোক স্থানীয় লোকে ধন তুলি চিকিৎসা কৰাই আছিল ৷ এনে সময়তে লকডাউন ঘোষণা হোৱাত বিশালক কিছূ ঔষধ লিখিদি চিকিৎসকে বিদাই দিলে ৷ আধাখুনিয়াকৈ চিকিৎা কৰাৰ বাবে বিশালক ৰোগে জতীল ৰূপ ধাৰণ কৰাত মঙ্গলবাৰে পৰিয়ালটোৱে পুণৰ ৰাইজৰ সহায়ত বিশালক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে ৷ বিশালৰ চিকিৎসাৰ আৰম্ভণিতেই প্ৰায় ৫০হেজাৰ টকা খৰচ হল ৷ এতিয়া তেওক এক বুজন পৰিমানৰ ধনৰ আৱশ্যৰ হৈছে সেয়েহে দৰিদ্ৰ পৰিয়ালটোৱে ৰাইজৰ পৰা আৰ্থিক সহায় বিছাৰিছে সদাশয় ব্যক্তিয়ে অসম গ্ৰামীন বিকাশ বেংকৰ গোলাঘাট শাখাৰ 7398010019743 নম্বৰৰ একাউণ্ট ; IFSC Code :- UTBIORRBAGB ত ধন জমাদি কিশোৰ টিৰ জীৱন ৰক্ষাত সহায় কৰিবৰ বাবে পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ৷ ইচ্ছূক সদাশয়লোকে 6001191230 নম্বৰৰ ফোনত যোগাযোগ কৰিব পাৰিব ৷ ::পাৰ্থ জোতি বৰা গোলাঘাট ৷
Tuesday, 16 June 2020
16 Jun, 2020 অসম চৰকাৰে বিশেষ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। ক'ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পৰম্পৰাগত লোক-সংস্কৃতিৰ শিল্পীসকলক সকাহ দিয়াৰ উদ্দেশ্যে । শিল্পীসকলে আৱেদন পত্ৰ অনলাইনযোগে www.anudaanassamculture.in ত পূৰণ কৰিব লাগিব। আৱেদনকাৰীৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলীসমূহ কি কি জানি লওঁক।
Monday, 15 June 2020
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...













