Wednesday, 10 June 2020
10 Jun, 2020 কলিয়াবৰৰ উলূৱনি গাঁৱত নীল বিপ্লৱ আঁচনিৰ অধীনত Re-Circulatory Aquaculture System (RAS) প্ৰকল্পৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। লগতে, তেখেতে মৎস্য পাম পৰিদর্শন কৰি হিতাধিকাৰীদ্বয় শ্ৰী শৈলেন্দ্ৰ গোস্বামী আৰু শ্ৰী ধনঞ্জয় উপাধ্যায়ৰ সৈতে মত বিনিময় কৰে। তদুপৰি, কৃষি তথা মীনপালনক জীৱিকা হিচাপে গ্ৰহণ কৰি আত্মনির্ভৰশীল হ'বলৈ বিচৰা যুৱপ্ৰজন্মক চৰকাৰৰ তৰফৰপৰা যাৱতীয় সহযোগিতা আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে। অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী পৰিমল শুক্লবৈদ্য আৰু শ্ৰী কেশৱ মহন্তও অনুষ্ঠানত উপস্থিত আছিল।
10 Jun, 2020 অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ এক উল্লেখযোগ্য আঁচনি 'অনুসূচীত জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ এককালীন উদগনিমূলক সাহায্য আঁচনি'। অনুসূচীত জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে উচ্চ-মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শতকৰা ৮০% বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক দৈনিক বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন অনুসৰি আবেদন মৰ্মে ১০০০০ টকাৰ এককালীন আৰ্থিক সাহায্য এই আঁচনিৰ অধীনত প্ৰদান কৰা হয়।
10 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াৰ বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ডৰ সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটা অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। লগতে, বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তেখেতে সংবাদ মাধ্যমক অৱগত কৰে।
10 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে, এখন স্বচ্ছ আৰু সুস্থ-সবল অসম গঢ় দিয়াৰ লক্ষ্যৰে 'স্বচ্ছ ভাৰত অভিযান'ৰ অধীনত ৰাজ্যৰ ৭৬খন পৌৰ সভালৈ আনুষ্ঠানিকভাৱে স্কিড ষ্টিয়াৰ ল'ডাৰ আৰু টিপাৰ আগবঢ়ায়। লগতে, চাফাইকৰ্মীসকলৰ মাজত তেখেতে ৱাটাৰ প্ৰুফ জেকেট, মাস্ক, স্প্ৰে' যন্ত্ৰ আৰু হেণ্ড গ্ল'ভ বিতৰণ কৰে। অসমৰ চহৰসমূহক আদৰ্শ চহৰলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি অহৰহ্ কাম কৰি আছোঁ। এইক্ষেত্ৰত সকলোৰে সহযোগিতা খুবেই প্ৰয়োজনীয়। এখন স্বচ্ছ, সেউজ আৰু সবল অসম গঢ়াৰ দিশত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ সকলো নাগৰিককে আন্তৰিকতাৰে আহ্বান জনাইছোঁ- মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত উপস্থিত আছিল- অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শ্ৰী পীযুষ হাজৰিকা, শ্ৰী যোগেন মহন আৰু উচ্চপদস্থ বিষয়াবৰ্গ।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...













