Wednesday, 10 June 2020

10 Jun, 2020 অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ এক উল্লেখযোগ্য আঁচনি 'অনুসূচীত জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ এককালীন উদগনিমূলক সাহায্য আঁচনি'। অনুসূচীত জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে উচ্চ-মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শতকৰা ৮০% বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক দৈনিক বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন অনুসৰি আবেদন মৰ্মে ১০০০০ টকাৰ এককালীন আৰ্থিক সাহায্য এই আঁচনিৰ অধীনত প্ৰদান কৰা হয়।


10 Jun, 2020 অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশিকোত্তৰ জলপানি আঁচনিৰ অধীনত জলপানি আগবঢ়াইছে।


10 Jun, 2020 অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে চাফাই কৰ্মত নিয়োজিত অনুসূচীত জাতিৰ অস্বাস্থ্যকৰ পৰিৱেশত থকা লোকৰ ল'ৰা-ছোৱালীৰ বাবে প্ৰাক্-প্ৰৱেশিকা জলপানি আঁচনিৰ অধীনত জলপানি আগবঢ়াইছে ।


10 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াৰ বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ডৰ সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটা অইল ইণ্ডিয়া লিমিটেডৰ দুগৰাকী কৰ্মচাৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। লগতে, বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তেখেতে সংবাদ মাধ্যমক অৱগত কৰে।


10 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে, এখন স্বচ্ছ আৰু সুস্থ-সবল অসম গঢ় দিয়াৰ লক্ষ্যৰে 'স্বচ্ছ ভাৰত অভিযান'ৰ অধীনত ৰাজ্যৰ ৭৬খন পৌৰ সভালৈ আনুষ্ঠানিকভাৱে স্কিড ষ্টিয়াৰ ল'ডাৰ আৰু টিপাৰ আগবঢ়ায়। লগতে, চাফাইকৰ্মীসকলৰ মাজত তেখেতে ৱাটাৰ প্ৰুফ জেকেট, মাস্ক, স্প্ৰে' যন্ত্ৰ আৰু হেণ্ড গ্ল'ভ বিতৰণ কৰে। অসমৰ চহৰসমূহক আদৰ্শ চহৰলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি অহৰহ্ কাম কৰি আছোঁ। এইক্ষেত্ৰত সকলোৰে সহযোগিতা খুবেই প্ৰয়োজনীয়। এখন স্বচ্ছ, সেউজ আৰু সবল অসম গঢ়াৰ দিশত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ সকলো নাগৰিককে আন্তৰিকতাৰে আহ্বান জনাইছোঁ- মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত উপস্থিত আছিল- অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শ্ৰী পীযুষ হাজৰিকা, শ্ৰী যোগেন মহন আৰু উচ্চপদস্থ বিষয়াবৰ্গ।






10 Jun, 2020 অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাক্-প্ৰৱেশিকা জলপানি আঁচনিৰ অধীনত জলপানী আগবঢ়াইছে।


10 Jun, 2020 তিনিচুকীয়াৰ বাঘজানৰ সামগ্ৰিক পৰিস্থিতিৰ বিতংভাৱে বুজ লয় টেলিফোনযোগে আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই । এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু বিভাগীয় বিষয়াবৰ্গৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে গ্ৰহণ কৰা যাৱতীয় ব্যৱস্থাৰ বিষয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰে, মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতাৰ লগতে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজক তেখেতে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে।


বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...